উৰ্দু গজল মুস্কুৰাহত মুকলি

0 196

নগাঁৱৰ হাতীচোং মৌজাৰ অন্তৰ্গত চমুৱাগাঁৱৰ উদীয়মান কবি সঞ্জীৱ সাগৰ আৰু জাজৰি মাজগাঁৱৰ কণ্ঠশিল্পী জিতু শ্ৰাৱনে প্ৰস্তুত কৰি উলিয়াইছে এটি উৰ্দু গজল। “মুস্কুৰাহত” শীৰ্ষক এই গজলটি ইতিমধ্যে সংগীতপ্ৰেমীৰ বাবে মুকলি কৰা হৈছে ৷ কবি সঞ্জীৱ সাগৰে ৰচনা কৰা গজলটিত জিতু শ্ৰাৱনে কণ্ঠ দিয়াৰ বিপৰীতে সংগীত কৰিছে মুকুল বৰাই ৷ শনিবাৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত গজলটি মুক্তি দিয়া হয় ৷ লেখক প্ৰাঞ্জল মহন্তই আঁত ধৰা উক্ত অনুষ্ঠানত ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক মোহিনী মোহন ডেকা, বিশিষ্ট নাট্যকাৰ-পৰিচালক পৰাগ তামুলী, সংগীত শিল্পী দিপাংক শইকীয়া, দীপাংকৰ দেৱগোস্বামী, জ্যেষ্ঠ সাংবাদিক চন্দন জ্যোতি বৰা, সাংবাদিক সুৰক্ষা মঞ্চৰ সাংগঠনিক সম্পাদক জয়ন্ত মুদৈ, গকুল ভাৰতী, ঋতুপৰ্ণ শৰ্মা, মুনজ্যোতি নাথকে ধৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে ৷ এই গজলটি সংগীতপ্ৰেমীৰ বাবে ইউটিউব চেনেল “BM ENTERPRISE ত উপলব্ধ হ’ব ৷
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.