এন আৰ এলত সতৰ্কতা সজাগতা সপ্তাহ,২০২২ৰ সফল সামৰণি

0 131

এন আৰ এলত এখন উন্নত ৰাষ্ট্ৰৰ বাবে দুৰ্নীতি মুক্ত ভাৰত থীমেৰে ৩১ অক্টোবৰ পৰা ৬ নৱেম্বৰলৈ আয়োজিত সতৰ্কতা সজাগতা সপ্তাহ ২০২২ৰ সপ্তাহজোৰা বিভিন্ন কাৰ্যসূচী পালনৰ অন্তত আজি ৭ নৱেম্বৰ ত ইয়াৰ সফল সামৰণি পৰে।এই উপলক্ষে নুমলীগড় স্থিত এন আৰ এলৰ চৌহদত অনুষ্ঠিত এ পি ডি চি এলৰ চেয়াৰমেন তথা অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাই মুখ্য অতিথি ৰূপে সমাৰোহৰ অধ্যক্ষতা কৰে।অনুষ্ঠানত এন আৰ এলৰ এম ডি শ্ৰী বি জে ফুকন,সঞ্চালক (বিত্ত)শ্ৰী ইন্দ্ৰনীল মিত্ৰ,আই আৰ এছ এম ইৰ মুখ্য সতৰ্কতা বিষয়া অমিত চৰণ আৰু সকলো কৰ্মচাৰী উপস্থিত থাকে।মুখ্য অতিথি জিষ্ণু বৰুৱাই তেওঁৰ ভাষণত জিইএম পৰ্টেলত ক্ৰয়ৰ ক্ষেত্ৰত শীৰ্ষ তেল কোম্পানী হিচাপে মৰ্যদা লাভ কৰাকে ধৰি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ শক্তিশালী ব্যৱস্থা আৰু পদ্ধতি গ্ৰহণ কৰাৰ বাবে এন আৰ এলক অভিনন্দন জনায়।তেওঁ কয় যে নৈতিকতা,সত্য ,নিষ্ঠা ,স্বচ্ছতা আৰু সততাক আকোৱালি লোৱাটো কঠিন ধাৰণা আৰু ই বহু পৰিমাণে পৰিস্থিতি পাৰিবাৰিক পটভূমি আৰু বিভিন্ন নীতি নিয়মৰ ওপৰত নিৰ্ভৰ কৰে।আমাৰ দেখখনে বছৰি ১.৫ শতাংশ জিডিপি বৃদ্ধি কৰিব পালে,কিন্তু যদিহে ইয়াৰ অখণ্ডতা সূচকাংক স্কেণ্ডিনেভিয়ান দেশ সমূহৰ সৈতে তুলনাযোগ্য হয়।এই ৰাষ্ট্ৰ সমূহ কম দুৰ্নীতিগ্ৰস্ত।তেওঁ লগতে কয় যে সংস্থাৰ বৃদ্ধি পোৱাৰ লগে লগে ডিজিটেল শান্তিমূলক ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি লোৱাৰ পৰিবৰ্তে মূল্যভিত্তিক হ’ব লাগে।এন আৰ এলৰ চিভিঅ’ অমিত চাৰণে অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় যে জিডিপিৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম শীৰ্ষ দেশ হোৱাৰ পিছতো দুৰ্নীতিয়ে আমাৰ জাতিৰ উন্নয়নত এক বৃহৎ বাধা ৰূপে থিয় দি আছে।ভিজিলেন্স বিভাগ হৈছে চিজিচিৰ বৰ্ধিত শাখা আৰু কোম্পানীটোৰ প্ৰতিজন কনিষ্ঠতম কৰ্মচাৰী পৰা আৰম্ভ কৰি এমডিলৈকে তেওঁলোকৰ আচৰণত ন্যায়পৰায়নতা ,স্বচ্ছতা আৰু সততা নিশ্চিত কৰাটো পবিত্ৰ কৰ্তব্য।

এন আৰ এলৰ এম ডি বি জে ফুকনে তেওঁৰ সম্বোধনত কয় যে ভিজিলেন্স এন নিয়ন্ত্ৰণ প্ৰক্ৰিয়া।তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ এন আৰ এলে গ্ৰহণ কৰা পদক্ষেপ সমূহ স্পষ্ট কৰি দিয়ে।ডি এফ শ্ৰী আই মিত্ৰই ৰাজহুৱা আন্তঃপৃষ্ঠ আৰু প্ৰযুক্তি ভিত্তিক পদক্ষেপ সমূহকে ধৰি এন আৰ এলে গ্ৰহণ কৰা ই-গভনেন্স ব্যৱস্থাৰ বিষয়ে অৱগত কৰায়।তেওঁ লগতে কয় যে গাইডলাইন গ্ৰহণৰ ফলত স্বচ্ছতা আৰু জবাবদিহিতা বৃদ্ধি পাইছে ।এই উপলক্ষে বিশিষ্ট ব্যক্তিসকলে ৱৰ্কছ এণ্ড চাৰ্ভিচেছৰ ক্ৰয়ৰ হাতপুথি মুকলি কৰে।ইয়াৰ পূৰ্বে ভাষণ প্ৰদান কৰে তেওঁ উপস্থিত দৰ্শক সকলক এনআৰএলৰ চি ভি অ’ৰ নিৰ্দেশনাত ৰাজহুৱা জীৱনত সততা আৰু সত্যনিষ্ঠাৰ প্ৰতি এন আৰ এলৰ সামূহিক দায়িত্বক দৃঢ় কৰা বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সদৰি কৰে।এই উপলক্ষে এন আৰ এলৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ বাবে অনুষ্ঠিত কৰা কুইজ,ৰচনা,শ্লোগান প্ৰতিযোগিতা আদি আৰু হুইচেল ব্ল’ৱাৰ পলিচিৰ বিশেষ উল্লেখযোগ্য প্ৰতিৰোধমূলক সতৰ্কতা আৰু ৰাজহুৱা ক্ৰয়ত সাধাৰণ অনিয়ম/লেপছ শীৰ্ষক বেবিনাৰ অনুষ্ঠিত কৰা হয়।আনহাতে জনসাধাৰণৰ বাবে আউটৰিচ ক্ৰিয়াকলাপৰ আয়োজন কৰি গোলাঘাট জিলাৰ ক্ৰীড়া সন্থাৰ সহযোগত গোলাঘাটত নুমলীগড়ৰ মিঠাচাপৰি গাঁওৰ গাঁও সভাৰ সহযোগত দুৰ্নীতি কু-প্ৰভাৱৰ ওপৰত নাগৰিকক সংবেদনশীল কৰি তোলা কাৰ্যসূচী, এন আৰ এলৰ বিজনেছ এছোচিয়েছন বাবে ভেণ্ডৰ মীট তথা গোলাঘাট জিলাৰ ৪০ খন বিদ্যালয়ৰ প্ৰায় ৬০০ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণৰে জিলা পৰ্যায়ৰ কুইজ ,তৰ্ক প্ৰতিযোগিতা, ৰচনা,শ্লোগান, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।উল্লেখ্য,এন আৰ এলৰ শিলিগুৰি মাৰ্কেটিং টাৰ্মিনেল স্থানতো অনুৰূপ কাৰ্যসূচী অনুষ্ঠিত হয়।

Leave A Reply

Your email address will not be published.