সচৰাচৰ গণতন্ত্ৰ দিৱসৰ দিনা অথবা স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত ৰাষ্ট্ৰীয় পতাকাৰ আদৰ বাঢ়ে। কোনোৱে দেশপ্ৰেমত আৰু কোনোৱে দেখুৱাবৰ বাবেহে এই বিশেষ দিনকেইটাত ৰাষ্ট্ৰীয় পতাকা আৰি লয়। আজি এনে এজন ব্যক্তিৰ কথা জনাবলৈ বিচাৰিছো, যি জন ব্যক্তিয়ে নিস্বাৰ্থভাৱে বহুদিন ধৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আহিছে। ঝাৰখণ্ডৰ কেদাৰনাথ নামৰ ব্যক্তিজনে সম্পূৰ্ণ নীতি নিয়ম পালন কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আহিছে। উল্লেখযোগ্য যে ঝাৰখণ্ডৰ ভীমৰাও আম্বেদকাৰ চক আৰু উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত পতাকা উত্তোলন কৰি আহিছে। কেদাৰনাথ বৃত্তিত এজন টাইপিষ্ট। স্কুলত পঢ়ি থকা সময়তে দেশপ্ৰেমৰ মন্ত্ৰৰে উদ্বুদ্ধ হৈছিল। কেদাৰনাথ এনে দেশ ভক্তি দেখি বহুতো শিশু উদ্বুদ্ধ হৈ অনুকৰণ কৰিছে। সেয়েহে আজি কালি পতাকা উত্তোলনৰ সময়ত বেলেগ মানুহ নাথাকিলেও শিশু সকলে সংগ দিয়ে। কেদাৰনাথৰ এনে দেশ ভক্তিৰ বাবে চ’চিয়েল মেডিয়াত চৰ্চিত হৈ পৰিছে।
Trending
- পলাশবাৰীৰ বৰকুছিত আৰক্ষী -প্ৰশাসন, সাংবাদিক, নিউজ পৰ্টেলৰ ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণি
- গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে কামৰূপ জিলাৰ উপায়ুক্ত একাদশ আৰু মিডিয়া একাদশৰ মাজত অনুষ্ঠিত হ’ল প্ৰীতি ক্ৰিকেট খেল
- ডিব্ৰুগড় চহৰত অম্ৰুটৰ অধীনত নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
- জামুগুৰিহাটৰ নাহৰবাৰীত দূস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ
- কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অসম ৰাজ্যিক কংগ্ৰেছ দলৰ তিনি যুৱক-৪০৮০ কিলোমিটাৰ যাত্ৰাৰ অন্তত শ্ৰীনগৰ লালচকত সামৰণী
- ঢকুৱাখনাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন
- পথৰুঘাটৰ কৃষকৰ আত্মত্যাগৰ ইতিহাসক দেশ-বিদেশত প্রচাৰ উদ্দেশ্যে তথ্য চিত্ৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে
- অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকৰ নাম ঘোষণা
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ বিংশতিতম বাৰ্ষিক অধিবেশন আৰম্ভ
- খানামুখত মিনি ফুটবল প্ৰতিযোগিতা আৰম্ভ