গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ আৰম্ভ

0 297

দ্বিতীয় বৈকুণ্ঠপুৰী তথা গুৰুজনাৰ জন্মভূমি শ্ৰীশ্ৰী বটদ্ৰৱা থানত আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ বা ফল্গু উৎসৱ। ঋতুৰাজ বসন্তৰ আগমন ঘটাৰ লগে লগে প্রকৃতিয়ে যেন নতুন ৰূপ ধাৰন কৰে। জগত গুৰু শ্রী শংকৰদেৱে বটদ্রৱাত পোন প্রথম বাৰৰ বাবে দৌল উৎসৱ পাতিছিল; সেই ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণ ভাবে প্রতি বছৰৰ দৰে এইবাৰো কালিৰেপৰা দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্নিমা তিথিত আৰম্ভ হৈছে । ১৭ মাৰ্চৰ সন্ধিয়াৰে পৰা পৰম্পৰাগতভাৱে দৌল উৎসৱৰ গন্ধোৎসৱ আৰম্ভ হৈছে। বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি গন্ধোৎসৱৰ সন্ধিয়া গোসাঁইক (শ্ৰীকৃষ্ণৰ মূতিভাগ) গায়ন বায়ন আৰু ভক্তসবে গাই বাই থানৰ গন্ধবাদন কাৰ্য্যৰ গন্ধঘৰত নোৱাই ধুৱাই নৱ বস্ত্ৰ পিন্ধাই গোঁসাইপূজা কৰে আৰু ইয়াৰ পিছত ৰভাতলত স্থাপন কৰে। আজি ‘গোসাঁই মুৰত ফাকু দিয়া উৎসৱ’ৰ দুপৰীয়া গোসাঁইক নোৱাই ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ’ব। আৰু গায়ন বায়নে ‘ন-ধেমালী’ পৰিবেশন কৰিব। আৰু ভক্ত বৈষ্ণৱ সকলে ফাকু ৰ্নিমালী আৰু পদজল গ্রহন কৰিব। ১৯ ৰ্মাচৰ দিনা গোসাঁই ফুৰোৱা উৎসৱ। দৌল উৎসৱৰ লগত সংগতি ৰাখি ১৮, ১৯ আৰু ২০ ৰ্মাচৰ নিশা আকাশী গংগাৰ পাৰৰ প্রেক্ষাগৃহত সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

বাতৰি যুগুতালে পৰা ৰাহুল দেৱ বৰদলৈ

Leave A Reply

Your email address will not be published.