গ্ৰীণ গ্লবে পৰিবেশৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে

0 238

প্ৰাকৃতিক পৰিবেশ আৰু পাৰিপাৰ্শ্বিক অৱস্থালৈ ভাবুকি সৃষ্টি হোৱাৰ সময়তে গ্ৰীণ গ্লব নামৰ বেচৰকাৰী সংস্থাটোৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।বৃক্ষ ৰোপন, বৃক্ষ প্ৰতিপালন, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত পৰিবেশ সম্পৰ্কীয় সজাগতা সৃষ্টি কৰা ইত্যাদি কামৰ জৰিয়তে সমাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে।সংগঠনটোৰ উদ্যোগত আজি অনুষ্ঠিত কৰা সংবাদ মেলত ৰাজ্যত হৈ থকা বায়ু প্ৰদূষণৰ সম্পৰ্কে বিভিন্ন তথ্য দাঙি ধৰে আৰু বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ সম্পৰ্কে মন্তব্য কৰে।সংবাদমেলত সংগঠনটোৰ বহু বিষয়ববীয়া উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.