গৰীৱ নন্দন জনকল্যাণ সমিতিৰ বিহু উপলক্ষে মহৎ পদক্ষেপ

0 257

সমাজৰ বিশেষ ভাৱে সক্ষম লোকসকলৰ স্বাৰ্থত কাম কৰি অহা ৰঙিয়াৰ স্বেচ্ছাসেৱী সংস্থা গৰীৱ নন্দন জনকল্যাণ সমিতিয়ে মানৱতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে। বহাগৰ প্ৰথমটো দিনত আজি সমিতিয়ে ৰঙিয়া মহকুমাৰ তিনিগৰাকী বিশেষ ভাৱে সক্ষম লোকক একোখনকৈ বিহুৱানৰে শুভেচ্ছা জনোৱাৰ লগতে দুজন বিশেষ ভাৱে সক্ষম লোকক একোখনকৈ হুইল চেয়াৰ আৰু অন্য এজন ব্যক্তিক এডাল লাখুটি দি সহায়ৰ হাত আগবঢ়ায়। বিশেষ ভাৱে সক্ষম লোক কেইজনৰ অভিভাৱকে বিগত বহু বছৰ ধৰি এখন হুইল চেয়াৰৰ অভাৱত আছিল বুলি পৰিতাপেৰে জনাই, আজি তেওঁলোকৰ এই আশা পুৰণ কৰিবলৈ সক্ষম হোৱা গৰীৱ নন্দন জনকল্যাণ সমিতিৰ সভাপতি বিপুল কলিতাক ভূয়সী প্ৰশংসা কৰাৰ লগতে সমিতিৰ উজ্জল ভৱিষ্যত কামনা কৰে । উল্লেখ্য যে অনাগত দিনত এইধৰনেই সমাজৰ নিপিড়ীত সকলৰ লগত হাতে হাত ধৰি আগুৱাই লৈ যোৱাৰ বাবে অংগীকাৰবদ্ধ বুলি জনাই সভাপতি কলিতাই । আনহাতে এই কাৰ্য্যসুচীৰ শুভাৰম্ভ কৰে ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে, উক্ত কাৰ্যসূচীত উপস্থিত থাকে সমিতিৰ সম্পাদক চৈয়দ মোস্তাফা আহমেদৰ লগতে অন্য সদস্যসকল আৰু ৰঙিয়া থানাৰ বহুকেইন আৰক্ষী বিষয়া জোৱান ।

 

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.