ঘিলামৰা প্ৰেছ ক্লাৱৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱসত কৃতিমান গৱেষকক সম্বৰ্ধনা 

0 302

লখিমপুৰ জিলাৰ  ঘিলামৰাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত সংবাদসেৱী আৰু সংবাদকৰ্মী সকলৰ উমৈহতীয়া মঞ্চ স্বৰূপ ঘিলামৰা প্ৰেছ ক্লাৱৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱসটো দেওবাৰে পালন কৰা হয়।  ২০০০ বৰ্ষত স্থাপিত প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ দেওবাৰে  পুৱা ৭ বজাত প্ৰেছ ক্লাৱৰ সভাপতি অতুল বৰুৱাই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ক্লাৱৰ সম্পাদক  উত্তম হাজৰিকাৰ শ্বহীদ তৰ্পণৰ পাছতে  দুপৰীয়া অনুষ্ঠিত হয় সীমিত সংখ্যক  শুভাকাংক্ষীৰ উপস্থিতিত মুকলি সভা।  ক্লাৱৰ সভাপতি অতুল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক উত্তম হাজৰিকাই। সভাত ঘিলামৰাৰ  শৈক্ষিক ক্ষেত্ৰখনৰ সমুজ্জ্বল তাৰকা স্বৰূপ ,  ১ নং ঘিলামৰা গাঁও নিবাসী তথা ঢকুৱাখনা  ভূমি ৰাজহ বিভাগৰ কৰ্মচাৰী ইন্দ্ৰ বৰুৱা আৰু দীপা বৰুৱাৰ কন্যা , ঘিলামৰাৰ প্ৰথম গৰাকী যুৱতী ডক্টৰেট ডিগ্ৰীধাৰী ডঃ গীতাঞ্জলি বৰুৱাক  ফুলাম গামোচাৰে অভিনন্দন আৰু প্ৰশস্তি পত্ৰৰে  সম্বৰ্ধনা জনোৱা হয়।  কৃতিমান গৱেষক গৰাকীয়ে  যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গ্ৰাহস্থ্য বিজ্ঞান মহাবিদ্যালয়ৰ পৰা  ডঃ আভা ৰাণী ফুকনৰ   তত্বাৱধানত ” Application of nenoparticles generated on plant entract  for antimicrobial  finish on Cotton fabrics  ”  বিষয়ত ডক্টৰেট ডিগ্ৰী  লাভ কৰিছে ।  সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ উপ সভাপতি অমৃত পৱন বৰা, ঘিলামৰা নগৰ হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক তথা   বিশিষ্ট সমাজকৰ্মী দণ্ডীধৰ গোঁহাই ,  উদ্যমী সমাজকৰ্মী ছন্দেশ্বৰ গগৈ, লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক তুলতুল ভঁৰালী ,  নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যুগল শইকীয়া আদিয়ে চমু আৰু শুভেচ্ছা মূলক বক্তব্য ৰাখে । সভাত টাইপাৰ ঘিলামৰা অঞ্চলিকৰ সভাপতি  ডালিম গোঁহাই ,শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য গোবিন চুতীয়াৰ লগতে  ঘিলামৰা প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক তথা অসমীয়া প্ৰতিদিন কাকতৰ ঘিলামৰাৰ সাংবাদিক  দামোদৰ বৰুৱা , ইউ বি ফটোৰ সাংবাদিক পাপু বৰুৱা , ডি এ নিউজ প্লাছৰ সাংবাদিক ঘন কান্ত দলে ,  প্ৰতিদিন লাইভ পৰ্টেলৰ সাংবাদিক দীপাংকৰ চেতিয়া , পেদ নিউজৰ বিশ্বজিত কোচ আদি  সমূহ সংবাদসেৱী  উপস্থিত থাকে।  
বাতৰি যুগুতালে ঢকুৱাখনাৰ অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.