ভাৰতবৰ্ষৰ ৰাজধানী চহৰ দিল্লীস্থিত অগ্ৰণী উচ্চতম শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা “ভাৰতত শিশু অধিকাৰ সুৰক্ষাঃ অসমৰ চাহ বাগিছাৰ ক্ষেত্ৰত এক অধ্যয়ন, ১৯৯০-২০২০। (Child rights protection in India:A study of tea plantations in Assam 1990-2020.) শীৰ্ষক বিষয়ত গৱেষণা কৰি ডিব্রুগড় জিলাৰ বৰবৰুৱা অঞ্চলৰ মেধাবী গৱেষক প্ৰিয়ংকা নেওগে ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে।গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি নেওগে জে এন ইউৰ জ্যেষ্ঠ অধ্যাপক ডঃপাপিয়া সেনগুপ্তাৰ তত্বাৱধানত উক্ত বিষয়ত গৱেষণা কৰি পি এইচ ডি কৰি সমগ্ৰ উজনি অসমলৈ বৰেণ্য গৌৰৱ কঢ়িয়াই আনিছে।সম্প্ৰতি মেঘালয়ৰ ইউ এছ টি এমত কৰ্মৰত প্ৰিয়ংকা নেওগ ডিব্ৰুগড়ৰ উপকণ্ঠ বৰবৰুৱাৰ নিবাসী জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগ আৰু প্ৰয়াত শিক্ষাবিদ অপৰাজিতা নেওগৰ কণিষ্ঠা কন্যা।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা