ভাৰতবৰ্ষৰ ৰাজধানী চহৰ দিল্লীস্থিত অগ্ৰণী উচ্চতম শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা “ভাৰতত শিশু অধিকাৰ সুৰক্ষাঃ অসমৰ চাহ বাগিছাৰ ক্ষেত্ৰত এক অধ্যয়ন, ১৯৯০-২০২০। (Child rights protection in India:A study of tea plantations in Assam 1990-2020.) শীৰ্ষক বিষয়ত গৱেষণা কৰি ডিব্রুগড় জিলাৰ বৰবৰুৱা অঞ্চলৰ মেধাবী গৱেষক প্ৰিয়ংকা নেওগে ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে।গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি নেওগে জে এন ইউৰ জ্যেষ্ঠ অধ্যাপক ডঃপাপিয়া সেনগুপ্তাৰ তত্বাৱধানত উক্ত বিষয়ত গৱেষণা কৰি পি এইচ ডি কৰি সমগ্ৰ উজনি অসমলৈ বৰেণ্য গৌৰৱ কঢ়িয়াই আনিছে।সম্প্ৰতি মেঘালয়ৰ ইউ এছ টি এমত কৰ্মৰত প্ৰিয়ংকা নেওগ ডিব্ৰুগড়ৰ উপকণ্ঠ বৰবৰুৱাৰ নিবাসী জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগ আৰু প্ৰয়াত শিক্ষাবিদ অপৰাজিতা নেওগৰ কণিষ্ঠা কন্যা।
Trending
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ