দুগ্ধ উন্নয়ন বিভাগৰ বিশেষ পদক্ষেপ-গঠন হ’ল মিল্ক ফেডাৰেচন

1 497

গুৱাহাটীৰ খানাপাৰস্থিত অসম চৰকাৰৰ দুগ্ধ উন্নয়ন বিভাগৰ সভাকক্ষত অলপতে অসমৰ ৯ খন জিলাৰ মিল্ক ইউনিয়নে এখন ফেডাৰেচন গঠন কৰে।এই ফেডাৰেচনৰ অন্তৰ্গত হ’ল নগাঁও মিল্ক ইউনিয়ন , নলবাৰী মিল্ক ইউনিয়ন, বৰপেটা মিল্ক ইউনিয়ন, বঙাইগাঁও মিল্ক ইউনিয়ন, গোৱালপাৰা মিল্ক ইউনিয়ন, লক্ষীমপুৰ মিল্ক ইউনিয়ন, শোণিতপুৰ মিল্ক ইউনিয়ন, মৰিগাঁও মিল্ক ইউনিয়ন, গোলাঘাট মিল্ক ইউনিয়ন, যোৰহাট মিল্ক ইউনিয়ন অন্যতম।
 
 
 
 
নগাঁও মিল্ক ইউনিয়নৰ সভাপতি বিৰিঞ্চি কাশ্যপৰ সভাপতিত্ব অনুষ্ঠিত এই সভাখনত মিল্ক ফেডাৰেচনৰ উন্নয়ন আৰু ভৱিষ্যত কাৰ্য্যপন্থাৰ সম্পৰ্কে আলোচনা হয়।
 
 
 
উল্লেখযোগ্য যে অসমৰ বিভিন্ন জিলাত থকা অসংগঠিত গোপালক সকলক একত্ৰিত কৰি তেওঁলোকৰ উৎপাদিত গাখীৰ পৰিকল্পিত ভাৱে বজাৰলৈ লৈ যোৱা আৰু গোপালক সকলক উপযুক্ত মূল্য প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি উক্ত ফেডাৰেচন গঠন কৰা হয়।
 
 
এই সভাখনত অসম চৰকাৰৰ দুগ্ধ আৰু পশুপালন বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথ, অসম চৰকাৰ দুগ্ধ উন্নয়ন বিভাগৰ উপ সঞ্চালক উৎপল শৰ্মা, অসম চৰকাৰৰ সমবায় পঞ্জীয়ক বিভাগৰ উপ পঞ্জীয়ক বাবুল কাকতি,সহ পঞ্জীয়ক দেৱলক্ষী বৰুৱা, অসম পশুধন উন্নয়নৰ প্ৰাধিকৰণৰ কাৰ্য্যবাহী বিষয়া ডাক্তৰ মনিদ্বীপ দাস, লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী প্ৰৱক্তা ডাক্তৰ মৃদুপ্ৰৱন বৈশ্য, ৰাষ্ট্ৰীয় পশুধন অভিযানৰ ৰাজ্যিক সমন্বয়ক  লক্ষীপ্ৰসাদ ভড়ালী , সীতা জখলা দুগ্ধ উৎপাদন সমবায় সমিতিৰ সভাপতি ৰঞ্জীৱ শৰ্মা  উপস্থিত থাকে।
 

1 Comment
  1. Ajit says

    First job is to strengthen milk unions. Without that milk federation is just a useless paperwork

Leave A Reply

Your email address will not be published.