দুটা ভাল খবৰ

0 297

নতুন দিল্লীস্থিত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ে অলপতে অসমৰ যুৱ শিল্পী নন্দিতা ডেকালৈ জলপানি আগবঢ়াইছে। উল্লেখযোগ্য যে সাংস্কৃতিক গৱেষণা কেন্দ্ৰ নতুন দিল্লীয়ে প্ৰতিভাশালী যুৱ চামক উৎসাহ যোগোৱাৰ বাবে এনেদৰে প্ৰতি বছৰে  জলপানি আগবঢ়াই আহিছে।

এইবাৰ ২০১৭-১৮ বৰ্ষত অসমৰ বাক্সা জিলাৰ নন্দিতা ডেকায়ে মূকাভিনয়ৰ বাবে জলপানি লাভ কৰিছে। জানিব পৰা মতে নন্দিতাই বিশিষ্ট মূকাভিনেতা মইনুল হকৰ তত্বাৱধানত ২০১৬ বৰ্ষৰ পৰাই শিক্ষা গ্ৰহণ কৰি আহিছে। গুৱাহাটীৰ মাইন একাডেমীৰ শিক্ষাৰ্থী নন্দিতাই মূকাভিনয়ত জলপানি লাভ কৰা অসমৰ প্ৰথম গৰাকী মহিলা হিচাপে স্বীকৃতি লাভ কৰিছে।

আনহাতে ধুবুৰীত কনকলতা মহিলা সৱলীকৰণ সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে যে ভাল কাম কৰিলে প্ৰতিটো আত্মসহায়ক গোটক পুৰস্কাৰ প্ৰদান কৰা হ’ব। কামৰ পৰ্য্যায় অনুসৰি ক্ৰমে ৫, ৩ আৰু ২ লাখকৈ পুৰস্কাৰ প্ৰদান কৰা হ’ব। প্ৰথম ৫ টা পৰ্য্যায়ত ২৫ হাজাৰৰ পৰা ৫ লাখ টকা পৰ্য্যন্ত আৰ্থিক সাহাৰ্য্য গোটসমূহক প্ৰদান কৰিব। শীঘ্ৰে চৰকাৰে পুৰুষ আত্মসহায়ক গোটো গঠন কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।    

Leave A Reply

Your email address will not be published.