আজি জন্মাষ্টমী।হিন্দু ধৰ্মৰ লোক সকলৰ এক বিশেষ উৎসৱ।এই জন্মাষ্টমীৰ লগত বহুতো কাহিনী, উপাখ্যান জড়িত হৈ আছে। দ্বাপৰ যোগত যেতিয়া পৃথিবীত পাপ আৰু অত্যাচাৰ বোজা বাঢ়ি গৈছিল সেই সময়ত ভগৱান বিষ্ণুয়ে কৃষ্ণৰ ৰূপ ধাৰণ কৰি পৃথিৱীত জন্মগ্ৰহণ কৰিছিল।প্ৰতি বছৰে এই উৎসৱ সমগ্ৰ দেশবাসীয়ে উদযাপন কৰে।বিশেষকৈ মথুৰাত উলহ মালহৰে এই পৰ্ব উদযাপন কৰা হয়।ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমত জন্মাষ্টমী ধামখুমীয়া পৰিবেশ দেখা নগ’লেও নামঘৰ আৰু পূজা গৃহত ব্যক্তি বিশেষে জন্মাষ্টমী উদযাপন কৰা বাবে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।জন্মাষ্টমীৰ লগত সংগতি ৰাখি বিভিন্ন ব্যক্তি বিশেষে পূজা কৰাৰ লগতে কৃষ্ণ বন্দনাৰে মুখৰিত কৰা দেখা গৈছে। পবিত্ৰ জন্মাষ্টমীৰ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী , ৰাষ্ট্ৰীপতি,উপ ৰাষ্ট্ৰপতি শুভেচ্ছা জ্ঞাপন কৰিছে।লগতে অসমৰ মুখ্যমন্ত্ৰী ,ৰাজ্যপালেও জন্মাষ্টমী উপলক্ষে ওলগ জনাইছে।
Trending
- দক্ষিণ এছীয় চুটি ছবি মহোৎসৱলৈ ‘লাচিত–দ্য ৱাৰিয়ৰ’
- জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্তি প্ৰাপ্তৰ সৈতে বিভাগীয় মন্ত্রীৰ মত বিনিময়
- গুৱাহাটী আৰু শিলচৰৰ মাজত আজিৰে পৰা ফ্লাইবিগৰ বিমান সেৱা আৰম্ভ
- ডিজাইনাৰ সংযুক্তা দত্তই কান চলচিত্ৰ মহোৎসৱলৈ লৈ গ’ল অসম ৰেচম
- বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন- শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবী দুই শতাধিক চাইকেলিষ্টৰ
- হাৰ্দিক শৰ্মালৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ শিশু শিল্পী বৃত্তি প্ৰদান
- এন চি চিৰ এডভান্স লীডাৰশ্বিপ কেম্প আৰম্ভ
- বনমন্ত্ৰী পাটোৱাৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানাত আনুষ্ঠানিকভাৱে মুকলি কৰে এটা জিৰাফ আৰু দুটা জেব্ৰা
- বিগত ৯ টা বছৰত অসমত আন্দোলন অবিহনে উন্নয়ন সম্ভৱ হৈছে
- চিলাৰায়ৰ কীৰ্তিক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস