ধানৰ বীজ সিঁচা, চপোৱা, শুকুৱাই সংৰক্ষণ কৰি প্ৰক্ৰিয়াকৰণ কৰা বিষয়ৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত

0 161

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প(APART)ৰ উদ্যোগত, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ সৌজন্যত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কৃষি যান্ত্ৰিকীকৰণৰ দ্বাৰা ধানৰ বীজ সিঁচাৰ পৰা চপোৱা আৰু পাছত শুকুৱাই সংৰক্ষণ কৰা, মূল্য সংযোজন, কীট-পতংগ, ৰোগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা এই সকলো সামৰি “ধানৰ বীজ সিঁচা, চপোৱা, শুকুৱাই সংৰক্ষণ কৰি প্ৰক্ৰিয়াকৰণ কৰা” শীৰ্ষক প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ হৈছে। প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আৰম্ভণি কৰি আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মূখ্য বিজ্ঞানী ড০ অমল চন্দ্ৰ শৰ্মাই “কৃষি ক্ষেত্ৰত আমাৰ কৃষক সকলে মূলত ধান খেতিৰ উপৰত নিৰ্ভৰশীল। এই ধানখেতিত জড়িত কৃষক সকলে, বীজ নিৰ্বাচন, পানী যোগান, বতৰ পৰিৱৰ্ত্তন, শ্ৰমিকৰ নাটনি, অনিয়ন্ত্ৰিত বজাৰ আদি বিভিন্ন সমস্যাত ভুগি আহিছে। কৃষি যান্ত্ৰিকিকৰনৰ দ্বাৰা এই বিভিন্ন সমস্যা সমূহৰ সমাধানৰ লগতে কৃষকৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এই “ধানৰ বীজ সিঁচা, চপোৱা, শুকুৱাই সংৰক্ষণ কৰি প্ৰক্ৰিয়াকৰণ কৰা” শীৰ্ষক গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ আগবঢ়োৱা হব বুলি ভাষন প্ৰদান কৰে। লুইত কুমাৰ শইকীয়াই আঁত ধৰা প্ৰশিক্ষণৰ আৰম্ভণি অনুষ্ঠানটিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ দিনেশ হাজৰিকা, ড০ পংকজ দেৱ চৌধুৰী, বতৰ বিজ্ঞানী নৱজ্যোতি ডেকা, এপাৰ্টৰ প্ৰকল্প সহযোগী ড০ শৰ্মী গগৈ, কাৰিকৰী গৱেষক পাৰ্থ প্ৰতিম বৰা, এপাৰ্টৰ প্ৰকল্প বিজ্ঞানী এলিজা বড়োৰ লগতে নগাঁও জিলাৰ বিভিন্ন ঠাইৰ কৃষক উৎপাদক কোম্পানীৰ সদস্য, কৃষক উৎপাদক সংস্থাৰ সদস্য আৰু প্ৰগতিশীল কৃষক সকল উপস্থিত থাকে। প্ৰশিক্ষণ কাৰ্য্যসূচীত আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী বিবেক কুমাৰ, আই পি এমৰ প্ৰকল্প বিজ্ঞানী
চাব্ৰিন আহমেদে প্ৰশিক্ষণ প্ৰদান কৰা লগতে কৃষি যান্ত্ৰিকিকৰনৰ দ্বাৰা উদ্ভাৱন কৰা “মিনি কম্বাইন (Mini Combine Harvester), চলাৰ বাবল ড্ৰায়াৰ(Solar bubble dryer), ৰিপাৰ(Reaper) , চিড ক’ম ফাৰ্টিলাইজাৰ ড্ৰিল(Seed cum fertilizer drill) , গ্ৰাইণ্ডিং মেশ্বিন(Grinding Machine), মিনি ৰাইচ মিল(Mini Rice Mill)” আদি বিভিন্ন উন্নত প্ৰযুক্তিৰ যন্ত্ৰ পাতি সমূহৰ ব্যৱহাৰ পাঠদান দিয়ে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.