অত্যাধুনিক বিলাসী যান-বাহনে নিতৌ ৰাজপথত ভিৰ কৰাৰ সময়তো চাইকেল আৰোহী এগৰাকী নিজৰ পথত নীৰৱে আগবাঢ়ি গৈ থকাটো স্বাভাৱিকতে মন কৰিবলগীয়া দিশ। সদাব্যস্ত ৰাজপথত যিকোনো লোককে নিমিষতে নষ্টালজিক কৰি তুলিব পৰাটো চাইকেল আৰোহীৰ বিশেষ কৃতিত্ব। পথৰ সুৰক্ষা, সেউজ পৰিৱেশলৈয়ো চাইকেল আৰোহীৰ অৱদান কম নহয়। সেয়ে ৩জুনৰ “ৱৰ্ল্ড বাইচাইকেল ডে”ৰ প্ৰাকক্ষণত ৰাজপথত চাইকেল আৰোহীক উপযুক্ত সন্মান, সুৰক্ষা আৰু অগ্ৰাধিকাৰ দিবলৈ যানবাহন ব্যৱহাৰকাৰীক আহ্বান জনাইছে ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে। তেওঁ কয় যে, প্ৰতিখন চহৰ-নগৰৰ লগতে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত নিতৌ কেইবালাখ যানবাহন একাধাৰে চলি থকাৰ সময়তো চাইকেল আৰোহীয়ে নিজে অসুৰক্ষিত হৈ থাকিও কাকো অকণো অসুবিধা নকৰাকৈ সুৰক্ষিত যাতায়াত অব্যাহত ৰখাটো যাতায়াত ব্যৱস্থাটোৰ বাবেই এক উল্লেখযোগ্য দিশ। কিয়নো দুচকীয়া বাহন চাইকেলৰ পৰা কেতিয়াও কোনোধৰণৰ ধোঁৱা নোলায়, অৰ্থাৎ চাইকেলে প্ৰদূষণ সৃষ্টি নকৰে, বায়ু প্ৰদূষণ,শব্দ প্ৰদূষণ যিয়ে নহওক লাগে। বৰঞ্চ যান-বাহনৰ অহৰহ মন-মগজুক আঘাত কৰা বহুজাতীয় শব্দৰ বিপৰীতে চাইকেলৰ শব্দই সকলোকে পুলকিতহে কৰি তোলে। মুঠতে ৰাজকোষলৈ কোনো কৰকাটল আগবঢ়াব নোৱাৰিলেও চাইকেলে সকলো যানবাহন ব্যৱহাৰকাৰীক সুৰক্ষা আৰু সেউজ পৰিবেশৰ অনুকৰণীয় আদৰ্শ দেখুৱায়। সেয়ে কাইলৈৰ “ৱৰ্ল্ড বাইচাইকেল ডে”ৰ পৰাই সকলো পথ-যানবাহন ব্যৱহাৰকাৰীকে চাইকেল চলাবলৈ আহ্বান জনাই বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে কয় “আহক আমি চাইকেল চলাওঁ, সুৰক্ষিত পথ আৰু সেউজ পৰিৱেশ গঢ়ি তোলোঁ ৷” কিয়নো হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ বাবেও চাইকেল চলোৱাটো উৎকৃষ্ট উপায় ৷ নিয়মিত চাইকেল চলোৱা কাৰ্যই হৃদযন্ত্ৰৰ পেশী শক্তিশালী কৰে, জিৰণি লোৱাৰ সময়ত শৰীৰত প্ৰশান্তি দিয়ে আৰু তেজৰ চৰ্বিৰ মাত্ৰা হ্ৰাস কৰে। চাইকেল চলোৱাৰ অভ্যাসে নিজৰ লগতে সমাজখনক সেউজ আৰু সুৰক্ষিত হৈ থকাত সহায় কৰিব। এই সময়ত যানবাহনৰ শব্দ আৰু বায়ু প্ৰদূষণেই প্ৰাকৃতিক পৰিৱেশ অত্যধিক পৰিমাণে কলুষিত কৰি তুলিছে বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
Trending
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ
- কৰ্কট ৰোগৰ গৱেষণা – অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এম এছ চি পাঠ্যক্ৰম – বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি
- NSE empanels Augmont as key partner for promotion of Electronic Gold Receipts (EGR)
- তামুলপুৰত জিলা স্বাস্থ্য সমিতিৰ সভা
- এয়াৰটেলে এপল টিভি আৰু এপল আৰ্কেড-ৰ সৈতে এপল-ৰ নতুনকৈ সম্প্ৰসাৰিত আইক্লাউড+ সংযোজন কৰি নিজৰ পোষ্টপেইড সেৱা অধিক উন্নত কৰিছে