ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্রীয় পথ পৰিবহন মন্ত্রী নিতীন গাডকাৰীয়ে দেশত পথ দুৰ্ঘটনাত উদ্বেগ প্ৰকাশ কৰি উদ্ধতম দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰি মানৱ সম্পদ কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ বাবে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল সমূহৰ সংশ্লিষ্ট বিভাগ সমূহক আহ্বান জনাইছে।সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পৰিবহন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়েও ৰাজ্যত বৰ্ধিত পথ দুৰ্ঘটনাত উদ্বেগ প্ৰকাশ কৰি পৰিবহন বিভাগক দুৰ্ঘটনা ৰোধ আৰু ৰাইজক এই দিশত সজাগ কৰাৰ বাবে হাতে কামে নামি পৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।সেই নিৰ্দেশৰ ভিত্তিত প্ৰথমবাৰৰ বাবে গুৱাহাটী সংসদীয় সমষ্টিত লোকসভা সমষ্টি ভিত্তিত ১৮ জানুৱাৰীৰ পৰা পথ সুৰক্ষা কাৰ্যসূচী আৰম্ভ কৰা হৈছে।১৮ জানুৱাৰীত গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী আমিনগাঁওস্থিত কামৰূপ জিলাৰ উপাধ্যক্ষৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত সাংসদ কুইন ওজাই সংসদীয় সমষ্টি ভিত্তিত পথ সুৰক্ষা সজাগতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।এই উপলক্ষে অনুষ্ঠিত সভাখনত ৰাইজৰ মাজত পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ লগতে সমান্তৰালভাৱে বিলুপ্তপ্ৰায় হাড়গিলা সংৰক্ষণৰ বাবে হাড়গিলা চৰাইক প্ৰতীক চিহ্ন ৰূপে গ্রহণ কৰা হয়।হাড়গিলা চৰাইৰ প্ৰতীক চিহ্ন মুকলি কৰে সাংসদ কুইন ওজাই।আনহাতে কামৰূপ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী সংসদীয় পথ সুৰক্ষা সমিতিৰ সদস্য সচিব কমল কুমাৰ বৈশ্যৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাখনত কুইন ওজাই বৰ্ধিত পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত যুৱ প্ৰজন্ম নিহত আহত হোৱা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি পথ সুৰক্ষাৰ দিশত দীৰ্ঘদিন ধৰি কাম কৰি অহা বাবে জিলা পৰিষদৰ বিষয়া গৌতম দাসক শলাগ লয়।জিলা পৰিবহন বিষয়া গৌতম দাসে আঁত ধৰা সভাখনত অতিৰিক্ত উপায়ুক্ত সত্যজ্যোতি বৰুৱা,ৰঙিয়াৰ মহকুমাধিপতি মনিন্দ্র বৰদলৈ,কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্ত,বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰসন্ন বৰা,জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া,চিলাৰ আঞ্চলিক বন বিষয়া ৰঞ্জিত দত্ত,হাড়গিলা সংৰক্ষণৰ বাবে গ্রীণ অস্কাৰ বঁটা বিজয়ী ড০ পূৰ্ণিমা দেৱী বৰ্মন,অভিযন্তা কল্যাণ বৰদলৈকে ধৰি গড়কাপ্তানী বিভাগৰ অভিযন্তা আৰু স্বাস্থ্য বিভাগৰ কেবাগৰাকী বিষয়া উপস্থিত থাকে।
Trending
- বনমন্ত্ৰী পাটোৱাৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানাত আনুষ্ঠানিকভাৱে মুকলি কৰে এটা জিৰাফ আৰু দুটা জেব্ৰা
- বিগত ৯ টা বছৰত অসমত আন্দোলন অবিহনে উন্নয়ন সম্ভৱ হৈছে
- চিলাৰায়ৰ কীৰ্তিক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস
- ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়-১৯৬৭-৬৮ চনৰ দশম শ্ৰেণী ছাত্ৰ মিলন উৎসৱ সমাৰোহ
- কৃষক মৰ্চাৰ প্ৰবাস কাৰ্যসূচী সম্পন্ন
- আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা-সমসাময়িক ৰাজনৈতিক চিন্তাৰে ব্যাপক পৰিৱৰ্তনৰ দিশে অগপ- অতুল বৰা
- সাংস্কৃতিক জগতৰ ব্যৱহাৰ উপযোগী কৰি ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ পোষকতা সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
- Meghalaya’s State Tobacco Control Cell Receives Prestigious WHO Award for Exemplary Efforts in Tobacco Control
- ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ে অপৰাধ ন্যায় প্রদান ব্যৱস্থাটো ক্ষিপ্ৰ কৰাৰ লগতে দোষী সাব্যস্ত হোৱাৰ হাৰ বৃদ্ধি কৰিবঃ মুখ্যমন্ত্ৰী