কামৰূপৰ জিলাৰ পলাশবাৰীৰ সমষ্টিৰ দখলাস্থিত অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান “খোজ”ৰ উদ্যোগত যোৱা ২৭ মাৰ্চত বিশষভাৱে সক্ষম দিব্যাংগ সকলক ঘৰে ঘৰে গৈ আঠুৱা আৰু কম্বল বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। দক্ষিণ কামৰূপৰ মাজিৰগাঁও, উপৰহালী, বিজয়নগৰ, দখলা, চিমিনা আৰু প অঞ্চলৰ দহ(১০) গৰাকী দিব্যাংগ সকলৰ মাজত ঘৰে ঘৰে গৈ আঠুৱা আৰু কম্বল বিতৰণ কৰে স্বেচ্ছাসেৱী অনুষ্ঠানৰ সভাপতি ইন্দ্ৰ মোহন ঠাকুৰীয়াই। বিতৰণ কৰি সভাপতি ঠাকুৰীয়াই ভৱিষ্যতে দিব্যাংগসকলৰ কাৰণে সা-সঁজুলি প্ৰদান, দক্ষতা বিকাশৰ বিনামূলীয়া প্ৰশিক্ষণ আদিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈ ৰাইজৰ সহায়-সহযোগিতা কৰিবলৈ আহ্বান জনায়। উক্ত কাৰ্যসূচীত স্বেচ্ছাসেৱী অনুষ্ঠান “খোজ”ৰ কাৰ্যকৰী সদস্য অলকেশ দেৱ শৰ্মা, পুলক কলিতা, মদন দাস প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া সকলৰ উপস্থিত থাকে। উক্ত কাৰ্যসূচীৰ ৰূপায়ণ কৰা বাবে হিতাধিকাৰীৰ পৰিয়াল তথা অঞ্চলবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰি আ স্বেচ্ছাসেৱী সংস্থাটোৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud