কামৰূপৰ জিলাৰ পলাশবাৰীৰ সমষ্টিৰ দখলাস্থিত অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান “খোজ”ৰ উদ্যোগত যোৱা ২৭ মাৰ্চত বিশষভাৱে সক্ষম দিব্যাংগ সকলক ঘৰে ঘৰে গৈ আঠুৱা আৰু কম্বল বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। দক্ষিণ কামৰূপৰ মাজিৰগাঁও, উপৰহালী, বিজয়নগৰ, দখলা, চিমিনা আৰু প অঞ্চলৰ দহ(১০) গৰাকী দিব্যাংগ সকলৰ মাজত ঘৰে ঘৰে গৈ আঠুৱা আৰু কম্বল বিতৰণ কৰে স্বেচ্ছাসেৱী অনুষ্ঠানৰ সভাপতি ইন্দ্ৰ মোহন ঠাকুৰীয়াই। বিতৰণ কৰি সভাপতি ঠাকুৰীয়াই ভৱিষ্যতে দিব্যাংগসকলৰ কাৰণে সা-সঁজুলি প্ৰদান, দক্ষতা বিকাশৰ বিনামূলীয়া প্ৰশিক্ষণ আদিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈ ৰাইজৰ সহায়-সহযোগিতা কৰিবলৈ আহ্বান জনায়। উক্ত কাৰ্যসূচীত স্বেচ্ছাসেৱী অনুষ্ঠান “খোজ”ৰ কাৰ্যকৰী সদস্য অলকেশ দেৱ শৰ্মা, পুলক কলিতা, মদন দাস প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া সকলৰ উপস্থিত থাকে। উক্ত কাৰ্যসূচীৰ ৰূপায়ণ কৰা বাবে হিতাধিকাৰীৰ পৰিয়াল তথা অঞ্চলবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰি আ স্বেচ্ছাসেৱী সংস্থাটোৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।
Trending
- বিশিষ্ট বন্যপ্ৰাণী বিজ্ঞানী ড’ পূৰ্ণিমা দেৱী বৰ্মনক কিডবেদা প্ৰিস্কুল চেঞ্জ মেকাৰ বঁটা প্ৰদান
- চান্দমাৰিত হাস্য-ব্যংগ সাহিত্য সন্মিলন সমাপন
- শনিবাৰে উন্মোচন হয় মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন-২, মুখ্যমন্ত্ৰীৰ ডায়েৰী শীৰ্ষক গ্ৰন্থ
- ২১ সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (চিআইএফএফ)-২০২৩”ত ভাৰতীয় পেনোৰামাত স্থান লাভ ৰ’জী বৰাৰ দ্য লাষ্ট অনাৰ
- পলাশবাৰীৰ নহিৰাত প্ৰধান মন্ত্ৰী ‘শ্ৰী’ আঁচনিৰ আধাৰশিলা স্থাপন বিধায়ক হেমাংগ ঠাকুৰীয়াৰ
- কেঁচা ভূঁইৰ কঁপনি উন্মোচন
- কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৫ বিধানসভা সমষ্টিৰ খচৰা ফটো ভোটাৰ তালিকা প্ৰকাশ
- মৰিগাঁও জিলাৰ চৰ অঞ্চলত পুনৰসংস্থাপিত ৭৬ টা উচ্ছেদিত পৰিয়ালক এবিঘাকৈ মাটি আৱণ্টন দিয়াৰ বাবে প্ৰস্তাৱ গৃহীত-মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠকত উচ্ছেদিত লোকৰ স্থায়ী পুনৰসংস্থাপনৰ দিশত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
- এক লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰাৰ পদক্ষেপ স্বৰুপে উচ্চ শিক্ষা বিভাগৰ সঞ্চালকালয়ৰ অধীনত ৫৮ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান
- Armed Forces Flag Day on 7th Dec