উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নে দেশৰ সূচনা কৰে।সেয়েহে বিভিন্ন ক্ষেত্ৰত প্ৰধান মন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত গুৰুত্ব দিছে।এই মন্তব্য ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ।আজি মহানগৰীৰ ৰেডিচন ব্লু হোটেলত অনুষ্ঠিত কৰা এক অনুষ্ঠানত প্ৰধানে কয় যে আন্তঃগাঁঠনি উন্নয়ন, স্বাস্থ্য খণ্ডৰ বিকাশৰ বাবে ভাৰত পেট্ৰ’লিয়াম বিভাগে এইবাৰ ১৫ কোটিৰো অধিক অৰ্থ উত্তৰ পূৱৰ বাবে ব্যয় কৰিব।ইয়াৰ ভিতৰত শিৱসাগৰৰ ৰজাবাৰীত স্বৰ্গদেউ চুকাফাৰ নামৰ ৩০০খন বিচনাযুক্ত চিকিৎসালয় স্থাপন আদিবোৰ অন্যতম ।উল্লেখযোগ্য যে সংগ্ৰহালয়টোত ভাৰতৰ বিভিন্ন পে’ট্ৰলিয়ামজাত সামগ্ৰী সংগ্ৰহ কৰি ৰখা হ’ব ।ই দেশৰ পৰ্যটনৰ ক্ষেত্ৰত অন্যতম মাত্ৰা প্ৰদান কৰিব ।তেখেতে লগতে কয় যে অসমত প্ৰাকৃতিক গেছৰ বিশাল ভাণ্ডাৰ আছে।এসময়ত অসমৰ প্ৰাকৃতিক গেছ বাংলাদেশ, ভূটান, ম্যানমাৰ আদিলৈ যাব।ই অসমৰ অৰ্থনৈতিকভাৱে অধিক টনকিয়াল কৰি তুলিব।উদাহৰণ স্বৰূপে তেখেতে কয় যে পথ থাকিলেহে যিদৰে গাড়ী চলিব, ঠিক সেইদৰে আন্তঃ গাঁঠনি উন্নয়ন হ’লেহে সকলো প্ৰকাৰৰ উন্নয়ন সাধন হ’ব।আনহাতে এই অনুষ্ঠানত উপস্থিত থাকি উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে বিশ্ব বিনিয়োগ সন্মিলনে বহু ক্ষেত্ৰত অসমলৈ সুখবৰ কঢ়িয়ালে।কিছুদিন পিছত গুৱাহাটী পাণ্ডুৰ পৰা এখন বিশাল জাহাজ চলিব।১৯৫০চনৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে এনেদৰে জাহাজ চলিব।চৰকাৰে কৰা বিভিন্ন উন্নয়নমূলক কামৰ খাতিয়ান দাঙি ধৰে।তেখেতে কয় যে মাৰ্চৰ ভিতৰত ৮০হাজাৰ নিবনুৱাই দক্ষতা বিভাগৰ পৰা কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ’ব।অনুষ্ঠান ভি ডি অ’ কনফাৰেন্স জৰিয়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পে’ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ যোগে গ্ৰহণ কৰা পদক্ষেপক শলাগ লয়।অনুষ্ঠানত অইল ইণ্ডিয়া ক’ৰপাৰচেন চি এম ডি উৎপল বৰা, অ’ এন জি চিৰ অধ্যক্ষ,এন আৰ এল চি অ’ উপস্থিত থাকে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন