বিশিষ্ট সাহিত্যিক ময়ুৰ বৰালৈ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা-২০১৮

0 279

অৰুণোদয় সাহিত্য সভা আৰু ড০ ময়িদুল ইছলাম বড়া স্মৃতি ৰক্ষা সমিতিয়ে ৰংপুৰ জ্যোতি ক্লাৱৰ সহযোগত বিশিষ্ট সাহিত্যিক ময়ুৰ বৰালৈ আগবঢ়াইছে ‘ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা-২০১৮’। বৰ অসমৰ প্ৰথম ডক্টৰেট, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ঢাকা বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ড০ ময়িদুল ইছলাম বড়াৰ স্মৃতিত আগবঢ়োৱা এই বঁটা বিশিষ্ট সাহিত্যিক ময়ুৰ বৰাক অহা ২২ ছেপ্টেম্বৰত ৰংপুৰ জ্যোতি ক্লাবত শক্তিমন্ত্ৰী তপন কুমাৰ গগৈয়ে প্ৰদান কৰিব। অনুষ্ঠানত অসমৰ বহুকেইগৰাকী বৰণ্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে

Leave A Reply

Your email address will not be published.