ৰাছিয়াৰ নিজনী নভগ’ৰডত অহা ১৭ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈকে পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বিশ্ব যুৱ মহোৎসৱ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই প্ৰতিভাধৰ শিক্ষাৰ্থী ক্ৰমে – জ্যোতিষ্মা মেধি আৰু অয়ন চিলা ওজাক নিৰ্বাচিত কৰা হৈছে ৷ সমগ্ৰ বিশ্বৰ ৬০ হাজাৰৰো অধিক আবেদনকাৰীৰ মাজৰ পৰা নিৰ্বাচিত হোৱা তেওঁলোকৰ নিৰ্বাচনে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰিয়ালক স্বাভাৱিকতে আনন্দিত কৰি তুলিছে৷ বিশ্ব যুৱ মহোৎসৱ সন্মিলনত এছিয়া, আফ্ৰিকা, ইউৰোপ, আৰু লেটিন আমেৰিকাৰ এক হাজাৰৰো অধিক যুৱ প্ৰতিভাক একত্ৰিত কৰি বিশ্বব্যাপী সহযোগিতা আৰু উদ্ভাৱনৰ বাবে এক মঞ্চৰ সৃষ্টি কৰিব। জ্যোতিষ্মা আৰু আয়নে ১৫ ছেপ্টেম্বৰৰ পৰা নতুন দিল্লীৰ পৰা মস্কোলৈ যাত্ৰা আৰম্ভ কৰিব আৰু এই উৎসৱত অংশগ্ৰহণ কৰাৰ লগতে মস্কো আৰু চেণ্ট পিটাৰ্ছবাৰ্গকে ধৰি ৰাছিয়াৰ প্ৰাচীন চহৰসমূহ ভ্ৰমণ কৰাৰ সুযোগ পাব। যোৱা বছৰ ৰাছিয়াৰ ছোচিত অনুষ্ঠিত হোৱা বিশ্ব যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ একাংশ নিৰ্বাচিত শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ পাছত এই খৱৰ স্বাভাৱিকতে বিশ্ববিদ্যালয়খনৰ বাবে অতি আশাপ্ৰদ।
Trending
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন