মিচিং স্বায়ত্ব শাসিত পৰিষদৰ পৃষ্ঠপোষকতাত ঐ আপ্পুন  শিল্পী গণেশ পেগু সোঁৱৰণী নাট কৰ্মশালা শুভাৰম্ভ

0 241

মিচিং জনগোষ্ঠীৰ বিশিষ্ট সাংস্কৃতিক সাধক,স্বজাতিৰ কৃষ্টি সংস্কৃতিৰ বাবে অনবদ্য অৱদান আগবঢ়াই যোৱা ঐ আপ্পুন সন্মানেৰে বিভূষিত  প্ৰয়াত শিল্পী গণেশ পেগুৰ সশ্ৰদ্ধ স্মৰণত বুধবাৰৰ পৰা  ধেমাজি জিলাৰ গোগামুখত  আৰম্ভ হৈছে এমহীয়া নাট প্ৰশিক্ষণ কৰ্মশালা।মিচিং স্বায়ত্ব শাসিত পৰিষদৰ পৃষ্ঠপোষকতাত ,মিচিং দৃৰবৃ কেবাং,জাতীয় সংগঠন টি এম পি কেৰ গোগামুখ আঞ্চলিক সমিতিৰ সহযোগিতাত আৰু  দুমৌৰ  নাট্য গোষ্ঠীৰ উদ্যোগত  গোগামুখৰ আবুতানি  লত্তাত ১৫ ছেপ্টেম্বৰৰ পৰা ১৫ অক্টোবৰলৈ  চলিব লগা এই এমহীয়া নাট্য প্ৰশিক্ষণ কৰ্মশালাৰ বুধবাৰে শুভ উদ্ধোধন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ  মুখ্য কাৰ্যবাহী সদস্য তথা মিচিং বানে কেবাংৰ সভাপতি পৰমানন্দ চায়েঙিয়াই।পুৱা সাংস্কৃতিক কৰ্মী ডঃ অনিল পেগুৱে প্ৰতিনিধি শিবিৰৰ শুভ উদ্ধোধন কৰা নাট্য কৰ্মশালাৰ শুভাৰম্ভ কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ  সাংস্কৃতিক দপ্তৰৰ কাৰ্যবাহী সদস্য,মিচিং দৃৰবৃ কেবাংৰ সাধাৰণ সম্পাদক প্ৰশান্ত বড়িয়ে। এই সন্দৰ্ভত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত সভাপতিত্ব কৰে সাংস্কৃতিক কৰ্মী ৰাজু পেগুৱে।  শিল্পী একলব্য গামে ঐ আপ্পুন  শিল্পী গণেশ পেগুৰ প্ৰতিচ্ছবিত পুষ্প মাল্য অৰ্পণ কৰা অনুষ্ঠানত গোগামুখ বাংকে  টাকাম মিচিং পৰিন কেবাংৰ  সভাপতি চিদানন্দ দলে ,সম্পাদক মনেশ্বৰ কমান , গোগামুখ আঞ্চলিক দৃৰবৃ কেবাংৰ  ভাৰপ্ৰাপ্ত সভাপতি জয় প্ৰকাশ পেগু,উপ সভাপতি ৰুপজ্যোতি দলে ,ভাৰপ্ৰাপ্ত সম্পাদক  মন্টু  টাইড,গোগামুখ দুমেৰ  নাট্য গোষ্ঠীৰ সভাপতি ৰাজু পেগু,সম্পাদক ভবেশ মেদক আদি গৰিষ্ঠ সংখ্যক নাট্যপ্ৰেমী ৰাইজ উপস্থিত থাকি স্বজাতিৰ নাট্য সাহিত্যৰ ক্ষেত্ৰখন উজ্জীৱিত কৰাৰ বাবে গ্ৰহণ কৰা এই সময়োপযোগী পদক্ষেপৰ শলাগ লয়।
ৰাষ্ট্রীয় পৰ্য্যায়ৰ বিশিষ্ট নাট পৰিচালক দয়াল কৃষ্ণ নাথৰ সঞ্চালনাত আৰু ৰবি বাৰ্মাৰ সহযোগিতাত আৰম্ভ হোৱা কৰ্মশালাত শোণিতপূৰ,  লখিমপুৰ , মাজুলী , শদিয়া , শিৱসাগৰ , ডিব্ৰুগড় আদি  বিভিন্ন জিলাৰ প্ৰায় ডেৰ শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে।  বিহাৰৰ  সু প্ৰসিদ্ধ নাট্য পৰিচালক সত্য প্ৰকাশ , ত্ৰিপুৰাৰ বিশিষ্ট নাট্য পৰিচালক বিদ্যুৎ জিং  চক্ৰৱর্তী ,চিক্কিমৰ নাট্য কৰ্মী বেণু পাটোৱাৰী ,পাটনাৰ  নাট্য পৰিচালক ৰবি বাৰ্মা ,  কলকাতাৰ  নাট্য কৰ্মী বৰুণ কৌৰ , জাগীৰোডৰ মানস প্ৰতিম নেওগ , গুৱাহাটীৰ ভাস্কৰ বৰুৱা আদি বহুকেইজন  বিশিষ্ট নাট্য প্ৰশিক্ষকে এই এমহীয়া কৰ্মশালাত নাট্য প্ৰশিক্ষণ  আগবঢ়াব বুলি জনাইছে উদ্যোগতা সকলে।  প্ৰতিযোগী সকলৰ থকা খোৱাৰ  সু ব্যৱস্থা কৰি দিয়া  কৰ্মশালাখন সফল অনুষ্ঠিতকৰণৰ বাবে প্ৰায় ৫ লাখ টকাৰ এক বাজেট গ্ৰহণ কৰা বুলি উদ্যোগক্তা সকলে জানিবলৈ দি প্ৰধানতঃ মিচিং ভাষাৰ নাট্য সাহিত্য চৰ্চা আৰু অভিনয় কলাৰ সন্দৰ্ভত নিখুঁত প্ৰশিক্ষণ প্ৰদান কৰি বহুকেইখন মিচিং ভাষাৰ নাট মঞ্চস্থ কৰাৰো লক্ষ্য বান্ধি লোৱা বুলি জানিবলৈ দিলে  কৰ্মশালাৰ  পৰিচালক প্ৰশিক্ষক দয়াল কৃষ্ণ নাথে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.