মীন,কৃষি,উদ্যান শস্যত গুৰুত্ব প্ৰদান মুখ্যমন্ত্ৰীৰ

0 210

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আছি গুৱাহাটীৰ লালমাটিত থকা ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ পৰিদৰ্শন কৰি এক বৈঠকত মিলিত হয়। ৰাজ্যৰ কৰ্মশক্তিয়ে যাতে যথাযোগ্য স্থান লাভ কৰিব পাৰে তাৰ বাবে ঔদ্যোগিক উৎপাদনৰ চাহিদা অনুপাতে প্ৰশিক্ষণৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায়। ৰাজ্যখনৰ অৰ্থনীতি সবলীকৰণৰ বাবে আন আন বিভাগ সমূহৰ সৈতে মিলি উদ্যমিতা প্ৰতিষ্ঠানকো সন্মিলিত ভাৱে কাম কৰিবলৈ আহ্বান জনায়।
 
 
বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৰাজ্যৰ ২২০০খন গাঁও পঞ্চায়তৰে অসমে চতুৰ্দশ বিত্ত আয়োগৰ অধীনত ২০০০কোটিতকৈও অধিক ধন লাভ কৰিছে। এই পুঁজিৰ উপযুক্ত ব্যৱহাৰ আৰু পৰিকল্পনা তথা কৌশল প্ৰদান সন্দৰ্ভত ভাৰতীয় উদ্যমতা প্ৰতিষ্ঠানক আহ্বান জনায়। তেখেতে কয় যে গাঁও পঞ্চায়ত সমূহৰ যিহেতু উপযুক্ত কাৰিকৰী কৌশলৰ অভাৱ সেয়েহে এইক্ষেত্ৰত এই প্ৰতিষ্ঠান খনে উপযুক্ত কৌশল প্ৰদান কৰিব পাৰিব।
 
কৃষিখণ্ডত নিয়োজিত যুৱকসকলক উপযুক্ত দক্ষতা প্ৰদানৰ লগতে বজাৰ সংযোগী দিশৰ ওপৰত মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। তেখেতে কয় যে  ৰাজ্যৰ বজাৰসমূহৰ বৈজ্ঞানিক ভাৱে জৰীপ নোহোৱা হেতুকে স্থানীয় সামগ্ৰীবোৰে বজাৰ দখল কৰিব পৰা নাই। ৰাজ্যৰ মীন, উদ্যান শস্য আৰু পশুধনৰ ওপৰত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানক নিৰীক্ষণ কৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.