লাচিত বৰফুকনৰ জন্ম জয়ন্তী সফল আয়োজনৰ বাবে দিল্লীত বিত্তমন্ত্ৰী অজন্তা নেওগৰ ব্যাপক তৎপৰতা

0 72

অসম চৰকাৰে অহা ২৩ নৱেম্বৰৰ পৰা নতুন দিল্লীত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ আয়োজন কৰিছে। এই উপলক্ষ্যে গঠন কৰা খাদ্য সমিতিৰ অধ্যক্ষা তথা অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ ইতিমধ্যে প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত হৈছে। বিত্ত মন্ত্ৰী নেওগে আজি বিজ্ঞান ভৱনলৈ গৈ কাম-কাজৰ বুজ লয়। এই পৰিদৰ্শনৰ সময়ত অসম চৰকাৰৰ আন এগৰাকী মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম আৰু বিধায়ক দিগন্ত কলিতাও মন্ত্ৰী নেওগৰ সৈতে উপস্থিত থাকে।

ইয়াৰ পিছত নেওগে অসম ভৱনত
খাদ্য সমিতিৰ সকলো বিষয়ববীয়াৰে সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত বিধায়ক দিগন্ত কলিতাৰ উপৰি মানৱ ডেকা আৰু অমিয় কুমাৰ ভূঞা ও উপস্থিত থাকে।
উল্লেখযোগ্য যে, আহোম সেনাপতি লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমৰ সৈতে দেশবাসীক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে এইবছৰ অসম চৰকাৰে নতুন দিল্লীত লাচিত দিৱসৰ আয়োজন কৰিছে। অহা ২৩ পৰা ২৫ নৱেম্বৰলৈ তিনিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই জন্ম জয়ন্তীৰ প্ৰথম দিন অৰ্থাৎ ২৩ নৱেম্বৰৰ কাৰ্যসূচীত উপস্থিত থাকিব, কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট বিভাগৰ মন্ত্ৰী নিৰ্মলা সীতাৰমন। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে এখন প্ৰদৰ্শনীৰ উদ্বোধন কৰিব।
ইয়াৰোপৰি লাচিতৰ ওপৰত এখন বিশেষআলোচনা চক্ৰ অনুষ্ঠিত হ’ব। ২৪ নৱেম্বৰৰ জন্ম জয়ন্তীৰ কাৰ্যসূচীত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীয়ে সেইদিনা অনুষ্ঠিত হ’বলগা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। তদুপৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২৫ তাৰিখ ৪০০ সংখ্যক লাচিত দিৱসৰ অন্তিম দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সকলোকে সম্বোধন কৰিব।

Leave A Reply

Your email address will not be published.