শান্তি আৰু সম্প্ৰিতিৰ বাণীৰে নগাঁৱৰ জাজৰিত সমূহীয়া নামাজ

0 185

আজি পবিত্র ঈদ-উল-ফিটৰ। ইছলাম ধৰ্মীয় লোক সকলৰ মহা আনন্দৰ উৎসৱ। পবিত্র ৰমজান মাহটো ৰোজা অৰ্থাৎ উপবাসে থাকি প্ৰায় সকল ইছলাম ধৰ্মীয় লোকে আল্লাৰ ওচৰত দোৱা কৰে নিজৰ লগতে বিশ্বৰ শান্তি কামনাৰে। মাহযোৰা ব্ৰতৰ অন্তত সমগ্ৰ বিশ্বৰ লগতে নগাঁৱৰ নিকটৱৰ্তী বৃহত্তৰ জাজৰি মুছলমান গাঁৱৰ ৰাইজে অতি উলহ-মালহেৰে পালন কৰিছে পবিত্র ঈদ। জাজৰি আঞ্চলিক ঈদগাহ পথাৰত আজি পুৱাৰে পৰা এক বিশাল আয়োজন। উল্লেখ্যযোগ্য যে বৃহত্তৰ জাজৰি অঞ্চলৰ সকলো ইছলাম ধৰ্মীয় লোক একত্রিত হৈ এই আঞ্চলিক ঈদগাহত পুৱা ৮ বজাত পবিত্র ঈদৰ নামাজ আদায় কৰে।নামাজৰ শেষত আঞ্চলিক ঈদগাহ সমিতিৰ সম্পাদক ইমদাদুৰ ইছলাম আৰু বিশিষ্ট সমাজকৰ্মী আবুল খায়েৰ আহমেদে অসমবাসী ৰাইজলৈ পবিত্র ঈদৰ শুভেচ্ছা জনায়।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.