ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিল্পী দিৱস হিচাপে উদযাপন কৰাৰ সমান্তৰালভাৱে পলাশবাৰী সাহিত্য সভাৰ উদ্যোগতো দিনযোৰা কাৰ্যসূচীৰে মিৰ্জাস্থিত সাহিত্য সভা ভৱনত শিল্পী দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে পলাশবাৰী সাহিত্য সভাৰ সভাপতি যুগল চন্দ্ৰ বৈশ্যই, জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে উপ-সভাপতি অমিয় কুমাৰ কলিতা, বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি গজেন চন্দ্ৰ দাসে। ১০ বজাত শিল্পী ভৱানী দাস কুমাৰীৰ সোঁৱৰণত অনুষ্ঠিত জ্যোতি সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান কুইন দাস, দ্বিতীয় স্থান বিপাশা কলিতা, তৃতীয় স্থান ৰাগিনী প্ৰিয়াই অধিকাৰ কৰাৰ লগতে উদগনী মূলক বঁটা লাভ কৰে বৰষা মহন্তই।দুপৰীয়া ১ বজাত ‘জ্যোতিপ্ৰসাদৰ কবিতাত ঐতিহ্য চেতনা’ শীৰ্ষক এক বক্তৃতা অনুষ্ঠান আৰু বঁটা বিতৰণ সভা অনুষ্ঠিত হয়। দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড০ জাহ্নৱী দেৱীয়ে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব নোৱাৰাত তেওঁ প্ৰেৰণ কৰা লিখিত ভাষণ পাঠ কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ গজেন্দ্ৰ অধিকাৰীয়ে। সভাত ড০ যোগেন কুমাৰ দাসেও ভাষণ প্ৰদান কৰে। অনুষ্ঠানত আবৃতি পৰিবেশন কৰে গোপাল কলিতা, জ্যোতি সংগীত পৰিবেশন কৰে মনোজ কুমাৰ দাস, সাধনা কুমাৰী, মেঘালী দাস মহন্তই। শেষত স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰে বলেন্দ্ৰ চন্দ্ৰ কুমাৰে আৰু অশোক দেৱ গোস্বামীয়ে।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing