শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা অধিৱেশনৰ লাইখুটা স্থাপন

0 249

উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধানতম সংগী সংঘ  ঢকুৱাখনা জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩১ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগীৰ দেওবাৰে পবিত্ৰ লাইখুঁটা স্থাপন কৰা হয়।ঢকুৱাখনা জিলা শাখাৰ অন্তৰ্গত সোৱণশিৰি শংকৰ মাধৱ আঞ্চলিক শাখাৰ আতিথ্যত , মৰনৈ কমলপুৰ প্ৰাথমিক শাখাৰ উদ্যোগত প্ৰয়াত নবীন চন্দ্ৰ ভৰালী সমন্বয় ক্ষেত্ৰত দেওবাৰে দুপৰীয়া  জিলা অধিবেশনভাগীৰ মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰা হয়।জিলা সংঘৰ সভাপতি বলোৰাম দত্ত , সম্পাদক পুতুল শইকীয়া , মূলৰ সদস্য টংকেশ্বৰ গোহাঁই, নক্ষ গগৈ , শৰণ সদস্য থানেশ্বৰ বৰাৰ নেতৃত্বত  আদৰণি সমিতিৰ সভাপতি জীৱন চুতীয়া , কাৰ্যকৰী সভাপতি দ্বিগেন চুতীয়া , ,সম্পাদক উৎপল চুতীয়া , জিলা সংঘৰ বহু সংখ্যক বিষয় ববীয়া , আয়োজক মৰনৈ কমলপুৰ প্ৰাথমিক শাখাৰ শতাধিক বাপ বৈষ্ণৱ, আই মাতৃ, সেৱা বাহিনীৰ ভক্ত প্ৰাণৰ সহযোগত গুৰুজনাৰ  নাম আৰু জয় ধ্বনিৰ মাজত সমন্বয় ক্ষেত্ৰত স্থাপন কৰা হয় । ইয়াৰ পাছতে মৰনৈ কমলপুৰ প্ৰাথমিক শাখাৰ হৰিমন্দিৰত জিলা সংঘৰ উদ্যোগত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা ।  আগত ২০২২ বৰ্ষৰ  ৮,৯ আৰু ১০ জানুৱাৰী (২৩,২৪ আৰু ২৫ পুহ, ) শনি, দেও আৰু সোমবাৰে তিনি দিনীয়া  কৰ্মসূচীৰে অনুষ্ঠিত হবলগীয়া জিলা অধিবেশনৰ  কৰ্মপন্থা সন্দৰ্ভত সভাত বিশদ ভাবে আলোচনা কৰা হয় ।জিলা সভাপতি বলোৰাম দত্তৰ  সভাপতিত্বত অনুষ্ঠিত সভাত শৰণ সদস্য থানেশ্বৰ বৰা ,আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি দ্বিগেন চুতীয়া, জিলা সংঘৰ সম্পাদক পুতুল শইকীয়া আদিয়ে সভাত জিলা আৰু আদৰণি সমিতিৰ কৰণীয়তা সন্দৰ্ভত বক্তব্য ৰাখি  ভক্তপ্ৰাণ বাপ বান্ধৱৰ সহযোগিতাৰে অনুষ্ঠান ভাগি সফল কৰি তোলাৰ সেৱা ধৰে। প্ৰায় ৩ লাখ টকাৰ বাজেট গ্ৰহণ কৰা অধিবেশনভাগীৰ মুকলি সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ  পদাধিকাৰ কমলা কান্ত গগৈ বাপে মুখ্য অতিথি , সাংস্কৃতিক সম্পাদক মৃণাল কুমাৰ বৰুৱা বাপে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব বুলি জিলা সভাপতি বলোৰাম দত্তই  জানিবলৈ দি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মাৰ্গ দৰ্শনৰ ভেঁটিত প্ৰতিষ্ঠিত জিলা সংঘৰ অধিবেশনভাগী সৰ্বতো প্ৰকাৰে সফল কৰি তোলাৰ বাবে ভকত বৈষ্ণৱ সকলক সানুনয় সেৱা ধৰিছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.