আজি সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হয় খেলো ইণ্ডিয়া য়ুথ গেমছৰ অন্তিমখন পৰ্য্যালোচনা।এই অনুষ্ঠানত মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল আয়োজক সমিতিৰ সৈতে বৈঠকত মিলিত হয়।বৈঠকত উদ্বোধনী অনুষ্ঠানত অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক দিশৰ উজ্জ্বল প্ৰতিচ্ছবি দাঙি ধৰাৰ দিশত যথোপযুক্ত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্রী গৰাকীয়ে।উল্লেখযোগ্য যে এই ক্ৰীড়াত অংশগ্রহণ কৰিবলগীয়া দেশৰ বিভিন্ন প্ৰান্তৰ ৬৫০০ গৰাকী প্ৰতিযোগী,১০০০ গৰাকী কাৰিকৰী কৰ্মী,২৫০০ গৰাকী সহযোগী কৰ্মীৰ থকা খোৱাৰ বাবে মহানগৰীৰ ১৭০ খন হোটেলৰ ব্যৱস্থা কৰা হৈছে।লগতে খেলুৱৈসকলৰ অভিভাৱক সকলৰ বাবেও সম্পূর্ণ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে।প্ৰদূষণৰ সমস্যা নিৰাময়ৰ বাবে বিভিন্ন প্ৰতিযোগীক বিভিন্ন ক্ৰীড়াঙ্গনলৈ নিয়াৰ দিশত বিদ্যুৎচালিত বাছ সেৱাৰ ব্যৱস্থা কৰাৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্রী গৰাকীয়ে।ইয়াৰোপৰি তেওঁ বাতৰি সংগ্রহৰ বাবে বিভিন্ন ঠাইৰ পৰা আহিবলগীয়া ক্ৰীড়া সাংবাদিক সকলৰ থকা খোৱাৰ ব্যৱস্থা সম্পর্কেও বুজ লয়।লগতে তেওঁ আয়োজক সমিতিক খেলো ইণ্ডিয়া য়ুথ গেমছৰ দেশৰ সৰ্বত্ৰে প্ৰচাৰ চলাবলৈ নিৰ্দেশ দিয়ে।বৈঠকত মুখ্যমন্ত্রী গৰাকীয়ে কয় যে অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া খেলো ইণ্ডিয়া য়ুথ গেমছ সফল কৰাৰ বাবে সকলোৱে মিলি প্ৰচেষ্টা চলাব লাগিব।ৰাজ্যৰ জনসাধাৰণক এইক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই মুখ্যমন্ত্রী গৰাকীয়ে।লগতে তেওঁ কয় এই ক্ৰীড়াই গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ দিশত বৃহৎ বৰঙণি যোগাব।
Trending
- World Hepatitis Day Observed in Kamrup Metro District
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত