আজি সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হয় খেলো ইণ্ডিয়া য়ুথ গেমছৰ অন্তিমখন পৰ্য্যালোচনা।এই অনুষ্ঠানত মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল আয়োজক সমিতিৰ সৈতে বৈঠকত মিলিত হয়।বৈঠকত উদ্বোধনী অনুষ্ঠানত অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক দিশৰ উজ্জ্বল প্ৰতিচ্ছবি দাঙি ধৰাৰ দিশত যথোপযুক্ত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্রী গৰাকীয়ে।উল্লেখযোগ্য যে এই ক্ৰীড়াত অংশগ্রহণ কৰিবলগীয়া দেশৰ বিভিন্ন প্ৰান্তৰ ৬৫০০ গৰাকী প্ৰতিযোগী,১০০০ গৰাকী কাৰিকৰী কৰ্মী,২৫০০ গৰাকী সহযোগী কৰ্মীৰ থকা খোৱাৰ বাবে মহানগৰীৰ ১৭০ খন হোটেলৰ ব্যৱস্থা কৰা হৈছে।লগতে খেলুৱৈসকলৰ অভিভাৱক সকলৰ বাবেও সম্পূর্ণ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে।প্ৰদূষণৰ সমস্যা নিৰাময়ৰ বাবে বিভিন্ন প্ৰতিযোগীক বিভিন্ন ক্ৰীড়াঙ্গনলৈ নিয়াৰ দিশত বিদ্যুৎচালিত বাছ সেৱাৰ ব্যৱস্থা কৰাৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্রী গৰাকীয়ে।ইয়াৰোপৰি তেওঁ বাতৰি সংগ্রহৰ বাবে বিভিন্ন ঠাইৰ পৰা আহিবলগীয়া ক্ৰীড়া সাংবাদিক সকলৰ থকা খোৱাৰ ব্যৱস্থা সম্পর্কেও বুজ লয়।লগতে তেওঁ আয়োজক সমিতিক খেলো ইণ্ডিয়া য়ুথ গেমছৰ দেশৰ সৰ্বত্ৰে প্ৰচাৰ চলাবলৈ নিৰ্দেশ দিয়ে।বৈঠকত মুখ্যমন্ত্রী গৰাকীয়ে কয় যে অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া খেলো ইণ্ডিয়া য়ুথ গেমছ সফল কৰাৰ বাবে সকলোৱে মিলি প্ৰচেষ্টা চলাব লাগিব।ৰাজ্যৰ জনসাধাৰণক এইক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই মুখ্যমন্ত্রী গৰাকীয়ে।লগতে তেওঁ কয় এই ক্ৰীড়াই গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ দিশত বৃহৎ বৰঙণি যোগাব।
Trending
- অসমৰ সংবাদ জগতত চাণক্যৰ আত্মপ্ৰকাশ
- ৰাজপথত পৰিবহণ বিভাগৰ অপাৰেচন কুৰুক্ষেত্ৰ আৰম্ভ
- জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন
- ট্ৰান্সজেণ্ডাৰসকলৰ বাবে থকা ‘তৃতীয় নিৱাস’ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- পলাশবাৰীৰ বৰকুছিত আৰক্ষী -প্ৰশাসন, সাংবাদিক, নিউজ পৰ্টেলৰ ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণি
- গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে কামৰূপ জিলাৰ উপায়ুক্ত একাদশ আৰু মিডিয়া একাদশৰ মাজত অনুষ্ঠিত হ’ল প্ৰীতি ক্ৰিকেট খেল
- ডিব্ৰুগড় চহৰত অম্ৰুটৰ অধীনত নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
- জামুগুৰিহাটৰ নাহৰবাৰীত দূস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ
- কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অসম ৰাজ্যিক কংগ্ৰেছ দলৰ তিনি যুৱক-৪০৮০ কিলোমিটাৰ যাত্ৰাৰ অন্তত শ্ৰীনগৰ লালচকত সামৰণী
- ঢকুৱাখনাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন