কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ১৪ মে’ত জিলাখনৰ অন্যান্য তিনিটা স্থানৰ লগতে ৰঙিয়াৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদতো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব।এই লোক আদালতত ফৌজদাৰী, দেৱানী,পাৰিবাৰিক,মটৰ দুৰ্ঘটনা, চেক বাউন্স, ৰাজহ,বেংকৰ ঋণ,বিদ্যুৎ বিল অনাদায় ইত্যাদি সম্পৰ্কীয় বিভিন্ন গোচৰৰ মীমাংসাৰ জৰিয়তে নিষ্পত্তিৰ পদক্ষেপ লোৱা হৈছে । ক’ভিড পৰিস্থিতি পৰিপ্ৰেক্ষিতত এই লোক আদালতত গোচৰ নিষ্পত্তিৰ বাবে ভাৰ্চুৱেল বা অনলাইন আৰু ব্যক্তিগত উপস্থিতি উভয় মাধ্যমৰ ব্যৱস্থা থাকিব।যিসকল লোকে ইতিমধ্যে আদালত,বেংক অথবা বিদ্যুৎ বিভাগৰ পৰা জাননী পাইছে তেওঁলোকক গোচৰ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট আদালত বা বিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।এই সম্পৰ্কীয় অধিক তথ্যৰ বাবে ৯৫৩১২৮৮৮৬৭ আৰু ৯৮৫৪০৮৪১৫২ নম্বৰত ফোন অথবা হোৱাটছএপ কৰাৰ লগতে [email protected] ত ই-মেইল কৰাৰ বাবে কামৰূপ জিলাৰ জিলা আইন সেৱা প্ৰাধিকাৰীয়ে আহ্বান জনাইছে।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে