২৯ মাৰ্চত দিছপুৰ প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস

0 257

দিছপুৰ প্ৰেছ ক্লাৱত ২৯ মাৰ্চত পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷এই উপলক্ষ্যে ক্লাৱৰ বাকৰিত এক বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত হ’ব।
 
এই অনুষ্ঠানত অসমৰ সমাজ জীৱন আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত বিশেষ অৰিহণা আগবঢ়োৱা ৰাজ্যৰ ৩০ গৰাকীকৈ বিশিষ্ট ব্যক্তিক প্ৰেছ ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিব৷সেই সকল ব্যক্তি হ’ল – ডা° পুৰজিৎ চৌধুৰী  অধ্যাপক গুৱাহাটী মহাবিদ্যালয়, দিনেশ কাকতি নাথ সাহিত্যিক, চন্দা বিশ্বকৰ্মা শিল্পী, চন্দন শইকীয়া তথ্য আৰু জনসংযোগ বিভাগ, জিতু তালুকদাৰ সমাজসেৱক ৰাজনীতিক, শংকৰ গোহাঞি সম্পাদক দৈনন্দিন বাৰ্তা, চন্দ্ৰকুমাৰ শইকীয়া সম্পাদক মহাবাহু বাৰ্তা ,এছ লাল সিং ফটো সাংবাদিক অসমীয়া খবৰ ,মুন গোস্বামী সাংবাদিক ডি ৱাই ৩৬৫ ,অৱণী বেজবৰুৱা  সাংবাদিক প্ৰতিদিন টাইমচ,  কমলেশ বৰ্মন  সাংবাদিক আছাম টক্চ ,মনোজ কুমাৰ ডেকা সাংবাদিক অসমীয়া প্ৰতিদিন , সত্যজিৎ শইকীয়া অসম আদিত্য ,এছ এন মহাৰাজ সাংবাদিক পূৰ্বাঞ্চল প্ৰহৰী , গুণজিৎ ভট্টাচাৰ্য সাংবাদিক নিয়মীয়া বাৰ্তা  ৰুবুল গগৈ, সাংবাদিক প্ৰাগ নিউজ, দিগন্ত দাস,  সাংবাদিক দৈনিক অসম, বিকাশ শৰ্মা সাংবাদিক নিউজ লাইভ ,সংগীতা শইকীয়া এন ই ফ’কাচ , সাম্য ভৰদ্বাজ সাংবাদিক আমাৰ অসম , দেৱজিৎ সৰকাৰ  সম্পাদক আমাৰ প্ৰণাম  ,ভূৱন শইকীয়া  সাংবাদিক ভাল খবৰ , আচিফ ইব্ৰাহীম সাংবাদিক নৰ্থ ইষ্ট নাও  ৷
উক্ত দিনা সন্ধিয়া ৫ বজাত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ সম্বৰ্ধনা অনুষ্ঠানৰ সন্ধ্যা ভাগত অনুষ্ঠিত  হ’ব  এক বণাঢ্য সাংস্কৃতিক সন্ধিয়া ৷
উল্লেখ্য যে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি দিছপুৰ প্ৰেছ ক্লাৱে প্ৰথম বাৰৰ বাবে বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগঢ়োৱা ব্যক্তিসকলক বঁটা প্ৰদানৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ আগন্তুক পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ দিনাই ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ ১৪ গৰাকীলৈ বিভিন্ন শিতানত ২০২০ বৰ্ষৰ বঁটা প্ৰদান কৰিব বুলি কুঞ্জ মোহন ৰায়ে এক বিবৃতি  প্ৰেৰণ কৰিছে৷

Leave A Reply

Your email address will not be published.