৩১ বছৰ অতিক্ৰম কৰিলে আৰণ্যকে

0 277

উত্তৰ পূব ভাৰতৰ চহকী জৈৱ বৈচিত্ৰ সংৰক্ষণৰ মূল লক্ষ্য হিচাপে ১৯৮৯ চনতে স্থাপন হোৱা বেচৰকাৰী সংগঠন আৰণ্যকে আজি সফলতাৰে আজি ৩১ বছৰ অতিক্ৰম কৰে। আৰণ্যক প্ৰকৃতি সন্থা ৰূপে আৰম্ভ হোৱা এই অনুষ্ঠানটোৱে পিছলৈ ভাৰতবৰ্ষৰ এক বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংস্থা ৰূপে স্বীকৃতি লাভ কৰে।
 
 
 
আৰণ্যক কাম কাজসমূহ পৰিৱেশ বন্যপ্ৰাণী সংৰক্ষণ বিভিন্ন ক্ষেত্ৰজুৰি বিস্তৃত। উদাহৰণস্বৰুপে জীৱ বৈচিত্ৰ্য সংৰক্ষণ,বৈজ্ঞানিক গৱেষণা,সংৰক্ষণ ভিত্তিক জীৱিকা,প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা ,জলবায়ু পৰিৱৰ্তন,জল নিয়ন্ত্ৰণ, দুৰ্যোগৰ আশংকা প্ৰশমন,গৱেষণা মাধ্যমত পৰিৱেশ সংক্ৰান্তীয় আইনী শিক্ষা আৰু নীতি পৰ্যালোচনা পৰিৱেশ শিক্ষা ইত্যাদিবোৰ কামৰ লগত আৰণ্যক জৰিত হৈ আছে।বৰ্তমান প্ৰায় ১২০ জন কৰ্মকৰ্তাক বিশেষকৈ বৈজ্ঞানিক গৱেষক প্ৰকল্প পৰিচালক, শিক্ষাবিদ,সহায়কাৰী আৰু সদস্য সকলক লৈ নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য আগত ৰাখি একত্ৰিত ভাৱে আৰণ্যকে এক অগ্ৰণী পৰিৱেশ সংৰক্ষণকাৰী সংস্থা হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছে।
 
 

Leave A Reply

Your email address will not be published.