নগাঁও জিলাৰ ৰহাত অলপতে কপিলী নদীৰ ওপৰত নৱনিৰ্মিত পকী দলং আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই। ৰহা সমষ্টিৰ অন্তৰ্গত আমচৈ-চাপৰমুখ সংযোগী পথত লোকনিৰ্মাণ (পথ) বিভাগে ৰাজ্যৰ স্ব-অগ্ৰাধিকাৰপ্ৰাপ্ত উন্নয়ন (এছঅ’পিডি) আঁচনি শিতানৰ ১০.৩৫ কোটি টকা ব্যয় সাপেক্ষেপ্ৰায় ১৫৩ মিটাৰ দৈৰ্ঘৰ এই দলংখন নিৰ্মাণ কৰি উলিয়াইছে। এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত ৰাইজক সম্বোধি মন্ত্ৰী হাজৰিকাই কয় যে কপিলী নদীৰ ওপৰত এই নতুন পকী দলংখনৰ নিৰ্মাণে ৰহাবাসী ৰাইজৰ এক দীৰ্ঘদিনীয়া আশা পূৰণ কৰাৰ লগতে পথটিৰে যাতায়তৰ ক্ষেত্ৰত ইমান দিনে সমষ্টিবাসীয়ে ভোগ কৰা দুখ-কষ্টৰো যৱনিকা পৰিল। সমষ্টিটোৰ অন্তৰ্গত পথসমূহৰ দ্ৰুত উন্নীতকৰণত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে বিশেপ গুৰুত্ব আৰোপ কৰিছে বুলি দোহাৰি মন্ত্ৰী হাজৰিকাই আগন্তুক দুটা বছৰৰ ভিতৰতে ৰহা সমষ্টিৰ পথ আন্তঃগাঠনিৰো ব্যাপক উন্নতি ঘটিব বুলি ঘোষণা কৰে। উদ্বোধনী অনুষ্ঠানত ৰহাৰ বিধায়ক শশীকান্ত দাস, ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত-সচিব ৰাজেশ কেম্প্ৰাই, নগাঁৱৰ উপায়ুক্ত নিসৰ্গ হিৱৰে অংশগ্ৰহণ কৰে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান