সামাজিক কৰ্মৰাজীৰ স্বীকৃতিস্বৰূপে আজি বৰিহাট ভোলাগাঁও নিবাসী তথা ৰাণী ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ সভাপতি চিৰাজ আলীক সামাজিক সমন্বয় বঁটা আগবঢ়াই ড০ বি.আৰ আম্বেদকাৰ সেৱা ফাউণ্ডেশ্বন নৰ্থ ইষ্ট ৰিজিয়ন গুৱাহাটী অসমে। তেওঁক আজি সংগঠনটোৱে বৰিহাটস্থিত ৰাণী ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ কাৰ্যালয়ত ফুলাম গামোচা, জাপি , শৰাই, চেলেং চাদৰ, গছপুলিৰ লগতে সংগঠনটোৰ ষ্ট্ৰাষ্টী কল্যাণ কুমাৰ শৰ্মা, পংকজ পলৰ স্বাক্ষৰিত এখনি প্ৰশস্তি পত্ৰ আদিৰে সম্বৰ্ধনা জনায়। উল্লেখ যে, ১৯৭১ চনত আমৰাংগা বৰিহাট হাইস্কুলত হাইস্কুলীয়া শিক্ষা জীৱন আৰম্ভ কৰি শেষত নিজে ২০০৬ চনত “ৰহিমা বিবি উচ্চ মাধ্যমিক বিদ্যালয়” নামেৰে এখন হাইস্কুল স্থাপন কৰিছিল চিৰাজ আলীয়ে। ৪১ বছৰ বৃহত্তৰ ভোলাগাঁও ৰাইজ গয়ৰহৰ সভাপতি,২০০৬ চনত অঞ্চলটোৰ চাৰিখন পঞ্চায়তৰ প্ৰায় ৫২খন অনুসুচিত জাতি-জনজাতিৰ গাঁও,৩০খন হিন্দু ধৰ্মাৱলম্বী গাঁও আৰু ২খন ইছলাম ধৰ্মাৱলম্বী গাঁও সামৰি গঠন হোৱা ৰাণী-ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেড”ৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ, ২০১১ৰ পৰা বৰ্তমানলৈ সমবায়খনত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই আহিছে। তেওঁ সমবায়ত এটি ক্ষুদ্ৰ বেংক হিচাপে স্থাপন কৰে। “নাজিৰ আলি যুৱ বিকাশ সংঘ” নামেৰে নামকৰণ কৰি এটা সংঘ ক্লাৱ স্থাপন কৰে। লগতে অঞ্চলটোৰ বিভিন্ন সংঘ অনুষ্ঠানত-প্ৰতিষ্ঠানত ওত:প্ৰোতভাৱে জড়িত থকাৰ উপৰিও অন্যান্য ৰাজহুৱা কামতো অগ্ৰসৰ হোৱা বাবে আজি তেওঁলৈ এই বঁটা আগবঢ়ায় বুলি কয় সংগঠনটোৰ কামৰূপ জিলাৰ অধ্যক্ষ হৃষীকেশ শৰ্মাই। এই বঁটা প্ৰদানৰ সময়ত সংগঠনটোৰ বিষয়া ধন নাথ, প্ৰাক্তন কাউন্সিলাৰ প্ৰদীপ গোস্বামী, কন্দৰ্প দাস আদিকে ধৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে। উক্ত বটা প্ৰদান কৰা বাবে সংগঠনটোৰ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি অভিভূত হৈ পৰা বুলি মন্তব্য কৰে চিৰাজ আলীয়ে।
Trending
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান
- টিকটবিহীন যাত্ৰীৰ পৰা ৯ মাহত ৪৮.১১ কোটিতকৈ অধিক টকাৰ জৰিমণা সংগ্ৰহ উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ
- বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সপ্তাহযোৰা বিদেশ ভ্ৰমণ
- Road Show of Industry Minister Bimal Borah for Advantage Assam2. 0 in Dubai