ভাৰত চৰকাৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ টাৱাঙত পেৰেড গাউণ্ডত ২৩ মাৰ্চৰ পৰা ২৫ মাৰ্চ লৈকে পঞ্চম “ৰাষ্ট্ৰীয় সাংস্কৃতি মহোৎসৱ” অনুষ্ঠিত হ’ব। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ দ্বাৰা অৰুণাচল প্ৰদেশ চৰকাৰৰ সহযোগত উত্তৰ-পূৱ ক্ষেত্ৰত সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰৰ তত্বাৱধানত অনুষ্ঠিত হ’ব লগীয়া এই মহোৎসৱত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লোক আৰু শাস্ত্ৰীয় সংগীত, নাটক, পুতলা নাটক, লোক নৃত্য, শাস্ত্ৰীয় নৃত্য, বৌদ্ধিক কলা, খাদ্য আৰু হস্তশিল্পৰ প্ৰৰ্দশনী অনুষ্ঠিত কৰা হ’ব। গুৱাহাটী প্ৰেছ ক্লাৱত কালি অনুষ্ঠিত সংবাদ মেলত উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰ পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ কলিকতাৰ দ্বায়িত্বত থকা সঞ্চালক ড০ ওঁম প্ৰকাশ ভাৰতীয় কয় যে ২০১৫ চনৰ পৰা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ এই সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। ২০১৫ আৰু ২০১৬ চনত দিল্লী, ২০১৬ চনত বাড়ানসী আৰু ২০১৭ চনত বাংগালোৰত আৰু এইয়ে প্ৰথম বাৰৰ উত্তৰ পূৱত এই পঞ্চম “ৰাষ্ট্ৰীয় সাংস্কৃতি মহোৎসৱ” অনুষ্ঠিত কৰা হৈছে। উদ্ধোধনী অনুষ্ঠান উত্তৰ-পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ অধক্ষ্য তথা নাগালেণ্ডৰ ৰাজ্যপাল পদ্মনাভা বালা কৃষ্ঞ আচাৰ্য্য উপস্থিত থাকি শুভ উদ্ধোধন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক আৰু পৰ্য্যটন দপ্তৰৰ মন্ত্ৰী ড০ মহেশ শৰ্মা, অৰুণাচল প্ৰদেশ মূখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব বুলি উত্তৰ-পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক ড০ ভাৰতীয়ে উল্লেখ কৰে। তেখেতে কয় যে টাৱাঙত আৰম্ভ কৰা এই “ৰাষ্ট্ৰীয় সাংস্কৃতি মহোৎসৱ” মাজু্লী, ছিপাঝাৰ, দুধনৈ, গৌৰীপুৰ, শ্বিলং, মিজোৰামৰ আইজল, চিফহিৰ, মিজোৰাম বিশ্ববিদ্যালয়, ইম্ফল, ত্ৰিপুৰাৰ খোৱাই , ছিকিমৰ গেংটক আৰু ডিমাপুৰত সমান্তৰাল ভাৱে তিনিদিনীয়াকৈ বৰ্ণিল কাৰ্য্যসূচীৰে ২৩ ৰ পৰা ৩১ মাৰ্চলৈ অনুষ্ঠিত হ’ব। বিশ্বৰ সৰ্ব্ব বৃহৎ নদীদ্বীপ মাজুলীত অহা ২৭, ২৮ আৰু ২৯ মাৰ্চত গড়মুৰ বংশী গোপাল নাট্য মন্দিৰ প্ৰেক্ষাগৃহত এই মহোৎসৱ অনুষ্ঠিত কৰা হ’ব। উত্তৰ পূৱৰ পৰা ৫,০০০ শিল্পী আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা ২,০০০ শিল্পীয়ে মহোৎসৱত অংশ গ্ৰহণ কৰিব বুলি ড০ ভাৰতীয়ে উল্লেখ কৰে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
