Foodtech কে আনিছে আশাৰ বতৰা

0 547

2

পোনপ্ৰথম বাৰৰ বাবে অসমলৈ আহিছে খাদ্য আৰু আতিথ্য উদ্যোগৰ লগত জড়িত ভাৰতৰ আগশাৰীৰ ব্যৱসায়ীক ভিত্তিত প্ৰদৰ্শনী ফুডটেক ইণ্ডিয়া। আজি মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত নৰ্থইষ্ট ফুডটেকৰ প্ৰদৰ্শনী মুকলি কৰে কৃষি উদ্যান শস্য আৰু খাদ্য প্ৰস্তুত কৰণৰ মন্ত্ৰী অতুল বৰাই।

1

উল্লেখযোগ্য যে প্ৰদৰ্শনী শুভাৰম্ভ কৰি মন্ত্ৰী অতুল বৰাই ভাষণ প্ৰসংগত কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উদ্যমী সকলে এই প্ৰদৰ্শনীৰ দ্বাৰা উপকৃত হ’ব। এই প্ৰদৰ্শনীত নৰ্থইষ্ট ফুডটেকৰ মুখ্য আহ্বায়ক জাকিৰ হুচেইনে সংবাদ মেলত মন্তব্য কৰে যে খাদ্য আৰু আতিথ্য ব্যৱসায় আৰম্ভ কৰিব বিচৰাসকলৰ বাবে North East Foodtech এখন আদৰ্শ মঞ্চ। খাদ্য প্ৰস্তুত কৰণ যন্ত্ৰ, বেকাৰী, মিঠাই প্ৰস্তুতকৰণ, বহুতো অত্যাধুনিক সা সামগ্ৰী প্ৰদৰ্শিত হৈছে।

3

স্মৰ্তব্য যে ভাৰতৰ ৬০ টাতকৈ অধিক প্ৰতিষ্ঠিত কোম্পানীয়ে এই প্ৰদৰ্শনীত অংশগ্রহণ কৰিছে । উল্লেখযোগ্য যে এই প্ৰদৰ্শনী অহা ৩০ এপ্ৰিলত অন্ত পৰিব।

Leave A Reply

Your email address will not be published.