ৰাষ্ট্ৰীয় শিক্ষা দিৱস উপলক্ষে স্পৰ্শ-অসমৰ উদ্যোগত এক শৈক্ষিক পৰ্য্যালোচনা

1 300

WhatsApp Image 2017-11-12 at 1.48.02 PM

ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিন ১১ নৱেম্বটো সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে দিৱসৰ দিনা অসমৰ অন্যতম সামাজিক প্ৰতিষ্ঠান ‘স্পৰ্শ-অসম’ৰ উদ্যোগত দক্ষিণ কামৰূপ মহাবিদ্যালয়, মিৰ্জাৰ আলোচনা কক্ষত অঞ্চলটোৰ শিক্ষক প্ৰতিনিধিবৰ্গৰ সৈতে বিশিষ্ট শিক্ষাবিদসকলৰ এখন শিক্ষামূলক পৰ্য্যালোচনা সন্মিলন অনুষ্ঠিত কৰা হয়। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগিতাত অনুষ্ঠিত এই অনুষ্ঠানত মূলত: শিক্ষাদানৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষকসকলে সন্মুখীন হোৱা ব্যৱহাৰিক সমস্যা, অভিজ্ঞতাসমূহ বিনিময়, পৰ্যালোচনা আৰু সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তে সমাধানসূত্ৰ নিৰ্ধাৰণ কৰিবলৈ আয়োজন কৰা হয়। অনুষ্ঠানত মূখ্য বিশ্লেষক হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপিকা ড০ কাবেৰী সাহাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ পলী শইকীয়া। অঞ্চলটোৰ ১৬ খন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক প্ৰতিনিধিবৰ্গৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপিকা ড০ দিপীকা দেৱী, মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অসীম ৰঞ্জন শৰ্মাৰ লগতে প্ৰথম-ৰ প্ৰতিনিধি অভিজিৎ চক্ৰৱৰ্ত্তীয়ে।

WhatsApp Image 2017-11-12 at 1.48.01 PM

অনুষ্ঠানটি পৰিচালনা কৰে বৰবাকা ট্ৰাইবেল এম ই স্কুলৰ শিক্ষক উত্তম চন্দ্ৰ দাসে।অনুষ্ঠানত স্পৰ্শ-অসমৰ মুখ্য সম্পাদক ৰত্ন দাসে স্পৰ্শ-অসম তথা ইয়াৰ চলচ্চিত্ৰ বিভাগ আইদেউ টকীজে ৰূপায়ণ কৰি থকা কেতবোৰ বহুমূখী আচনিৰ বিষয়ে যুগুতোৱা দৃশ্য-শ্ৰাব্য প্ৰদৰ্শনৰ লগতে ভাষণ আগবঢ়াই। আমন্ত্ৰিত মুখ্য বিশ্লেষক ড০ কাবেৰী সাহাই শিক্ষক, সামাজিক সংস্থা আৰু চৰকাৰ মাজত যোগসূত্ৰ স্থাপনৰ সপক্ষে মত পোষণ কৰি কেতবোৰ পৰামৰ্শ আগঢ়াই।অনুষ্ঠানৰ শেষত শিক্ষিক দিশত সেৱা আগবঢ়াবলৈ এলানি স্বনিয়ন্ত্ৰিত আচনিৰো খচৰা প্ৰস্তুত কৰা হয়।

1 Comment
  1. manoj morom rabha says

    ভাল লাগিলে পঢ়ি , সুন্দৰ পদক্ষেপ ।

Your email address will not be published.