কুশল কোঁৱৰৰ আদৰ্শ আৰু বৰ্তমান সমাজ ব্যৱস্থা সম্পৰ্কত বিজ্ঞ জনৰ মন্তব্য 

0 297

আজি শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু তিথি। বীৰ শ্বহীদ গৰাকীক স্মৰণ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চৰকাৰীভাবে অথবা ৰাজহুৱাভাৱে গ্ৰহণ কৰা হৈছে বিভিন্ন কাৰ্য্যসূচী। এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি এন ই ফ’কাচ ডট কমৰ তৰফৰ পৰা শ্বহীদ কুশল কোঁৱৰৰ আদৰ্শ তথা মূল্যবোধৰ মূল্যায়ন বৰ্তমান সমাজ ব্যৱস্থাত কিদৰে প্ৰতিফলিত হৈছে সেই বিষয়ে জানিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছিল। আমি কথা পাতিছিলো ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাইৰ সৈতে। এই সম্পৰ্কত তেখেতে এনেদৰে কয়..

স্বাধীনতা মানেই শাসক বন্দী নহয়, পূৰ্বৰ উপনিৱেশিক শাসনৰ আৰু জমিদাৰসকলৰ শাসনত থকা ভাৰতৰ জনসাধাৰণ আৰু অসংখ্য কল কাৰখানাৰ শ্ৰমিকসকল সকলোৰে মুক্তি। স্বাধীনতাৰ পাছত মহাত্মা গান্ধীয়েও কৈছিল ৰাজনৈতিক স্বাধীনতা হ’ল এতিয়া আমি অৰ্থনৈতিক আৰু সামাজিক স্বাধীনতা আনিব লাগিব। কুশল কোঁৱৰেও এনেধৰণৰ কথা নিশ্চয় ভাবিছিল, কেৱল শাসক বন্দীৰ কথা ভবা নাছিল। কিন্তু কুশল কোঁৱৰৰ দৰে সহস্ৰ শ্বহীদৰ সেই সপোন আজিও পুৰণ হোৱা নাই। তাৰ পৰিৱৰ্তে ভাৰতৰ শ্ৰমজীৱী জনসাধাৰণৰ অৱস্থা আৰু বেয়াহে হৈছে। কুশল কোঁৱৰৰ যি সপোন সেই সপোন দিঠকত পৰিণত কৰিবলৈ আমি আৰু পৰিশ্ৰম কৰিব লাগিব, সংগ্ৰাম কৰিব লাগিব।

আমি কথা পাতিছিলো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক সত্যকাম বৰঠাকুৰৰ সৈতে। আমাৰ প্ৰশ্নৰ উত্তৰত অধ্যাপক গৰাকীয়ে মন্তব্য কৰিছিল।

বৰ্তমান সময়ত বহুখিনি দল সংগঠন বা জাতীয়তাবাদী দেশপ্ৰেমী ব্যক্তি আছে যদিও কুশল কোঁৱৰৰ দৰে চৰম ত্যাগ কৰিব কোনেও পৰা নাই। বৰ্তমান সময়ত উপনিৱেশিক শক্তিৰ ওচৰত কাৰ্যত আমি নতশীৰ কৰিব লগা হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

আনহাতে আমি কথা পাতিছিলো বিশিষ্ট প্ৰৱন্ধকাৰ ময়ুৰ বৰাৰ সৈতে। আমাৰ প্ৰশ্নৰ উত্তৰত ময়ুৰ বৰাই কয় যে বৰ্তমান সময়ত কুশল কোঁৱৰৰ আদৰ্শ সকলোৱে পাহৰি পেলাইছে।

এনেধৰণৰ মন্তব্যই কাৰ্যত বৃহত্তৰ অসমীয়া জাতিৰ বৰ্তমান কৰণীয়খিনিক নিশ্চয়কৈ পুনৰ এবাৰ আমাক সোঁৱৰাই দিব। শ্বহীদ কুশল কোঁৱৰৰ আজিৰ এই পবিত্ৰ মৃত্যু তিথিটোতেই তেখেতৰ চৰম ত্যাগৰ কথা সুৱঁৰি জাতিৰ, দেশৰ বাবেই পুনৰ এবাৰ নিজকে উজ্জীৱিত কৰি তোলো। এই বিশেষ দিনটোত এন ই ফ’কাচ ডট কমৰ হৈ শ্বহীদ গৰাকীলৈ আগবঢ়ালো একাঁজলী শ্ৰদ্ধাঞ্জলী।

Leave A Reply

Your email address will not be published.