সাংস্কৃতিক কাৰ্য্যসূচী, শক্তি আৰধনাৰে প্ৰথম এন.ডি.আৰ.এফ.বাহিনীৰ দূৰ্গাপূজা আৰম্ভ

0 246

 

দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ কৰা কাৰ্যত যাতে শক্তি লাভ কৰে সেই উদ্দেশ্যে প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সামৰি বাহিনী চমুকৈ এন.ডি.আৰ.এফ.এ গুৱাহাটী আজাৰা পাটগাওস্থিত মূখ্য কাৰ্যালয়ত প্ৰতি বছৰে ‘পাহাৰো ভলী মা’ শীৰ্ষক বাণীৰে শ্ৰীশ্ৰীদূৰ্গা পূজা পালন কৰি আহিছে। এইবেলিও ১৫ অক্টোবৰ সন্ধিয়া বেদীত দূৰ্গাদেৱীৰ প্ৰতিমা স্থাপনৰ পিছত শক্তি আৰধনা আৰু সাংস্কৃতিক কাৰ্যসূচীৰে প্ৰথম এন.ডি.আৰ.এফ বাহিনীৰ দূৰ্গাপূজা শুভাৰম্ভ কৰা হয়। এই উপলক্ষে কামাণ্ডেণ্ট সতীশ কুমাৰ শাস্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে, দেৱী মা দূৰ্গা আমাৰ বাহিনীটোৰ প্ৰতিজনকে দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ আৰু সহায় অভিযানত মানুহৰ জীৱন বচাবৰ বাবে শক্তি প্ৰদান কৰিব। আনহাতে অনুষ্ঠানত প্ৰথম এন.ডি.আৰ.এফ আৰু সীমান্ত সুৰক্ষা বাহিনী (বি.এছ.এফ)ৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মুখ্য কাৰ্যালয়ৰ বিষয়া-জোৱান আৰু তেওলোকৰ পৰিয়ালবৰ্গৰ সদস্যসকল উপস্থিত থাকে। ইয়াৰ উপৰি সাংস্কৃতিক অনুষ্ঠানত প্ৰথম এন.ডি.আৰ.এফৰ বিষয়া-জোৱান আৰু পৰিয়ালৰ সদস্যসকলে গীত, নৃত্য পৰিবেশন কৰাৰ উপৰিও বি.এছ.এফৰ বিশেষ জাজবেণ্ড দলেও যন্ত্ৰ সংগীত পৰিবেশন কৰে। অহা ১৯ অক্টোবৰত বিজয়া দশমীৰ দিনা পাচদিনীয়া দূৰ্গাপূজাৰ সামৰণী পৰিব।

Leave A Reply

Your email address will not be published.