খানাজানৰ ওপৰত ফুকনৰপাৰ আৰু কেহেৰুবাৰীৰ মাজত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দলং নিৰ্মাণৰ সিদ্ধান্তক ৰাইজৰ আদৰণি

0 246

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰ ওপৰত পশ্চিম জালুকবাৰীৰ খানামুখৰ ফুকনৰপাৰ আৰু ধাৰাপুৰ গাঁও পঞ্চায়তৰ খানামুখৰ কেহেৰুবাৰীৰ মাজত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই শেহতীয়াকৈ এখন লঘু বাহন চলাচল কৰিব পৰা কংক্ৰিটৰ দলং নিৰ্মাণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে বৃহত্তৰ খানামুখ অঞ্চলৰ ৰাইজে। আনকি যোৱা ২১ জানুৱাৰীত অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ গুৱাহাটী চক্ৰৰ অধীক্ষক অভিযন্তা ৰাতুল কুমাৰ বেজ আৰু পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কুশল কলিতাই খানামুখ অঞ্চল ভ্ৰমণ কৰি কেহেৰুবাৰী আৰু ফুকনৰ মাজত দলং নিৰ্মাণ লবলগীয়া প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰি কোনফালে দলং নিৰ্মাণ কৰিলে ৰাইজৰ সুবিধা হ’ব তাৰ এক ক্ষেত্ৰ অধ্যয়ন কৰে। আনকি দুয়োজন অভিযন্তাই পৰিদৰ্শনৰ সময়ত অঞ্চলটোৰ উপস্থিত একাংশ ৰাইজৰ সৈতেও এই সন্দৰ্ভত মত বিনিময় কৰে। আনহাতে অঞ্চলটোৰ অগ্ৰণী সামাজিক – সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন খানামুখ মিলন সংঘৰ কৰ্মকর্তা সকলে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক যিফালে দলং নিৰ্মাণ কৰিলে অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান খানামুখ প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত কণ কণ ছাত্ৰ – ছাত্ৰী সকল অহা যোৱাৰ পথ চমু হয় তেনে সুবিধাজনক স্থানত দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। সংঘৰ কৰ্মকর্তা সকলে সদৰি কৰা খানাজানৰ পূব দিশত থকা ফুকনৰ পাৰত অৱস্থিত খানামুখ প্ৰাথমিক বিদ্যালয়ত কেহেৰুবাৰীকে ধৰি গাতে লগা নোৱাপাৰাসহ অঞ্চলটোৰ বেছিভাগ শিশুৱে অধ্যয়ন কৰে। তেনেদৰে বিদ্যালয়ৰ খেলপথাৰ খনেই হৈছে বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ খেলপথাৰ। তেনেদৰে খেলপথাৰৰ লগতে আছে শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ আৰু সভা-সমিতি অনুষ্ঠিত হোৱা এটা সামূহিক গৃহ । কিন্ত দলঙৰ অভাৱত কেহেৰুবাৰী, নোৱাপাৰা অঞ্চলৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে একৰ পৰা ডেৰ কিঃমিঃ ঘূৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অতি বিপদ সংকুলভাবে অহা যোৱা কৰিব লগা হয়। আনকি বিগত সময়চোৱাত তেনেকৈ অহা যোৱা কৰা কেবাজনো ছাত্ৰ ছাত্ৰী দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লব লগীয়া হৈছে। তেনেদৰে একমাত্ৰ খেলপথাৰখন ফুকনৰপাৰত থকা বাবে কেহেৰুবাৰী, নোৱাপাৰা চুবুৰীৰ কণ কণ শিশুকে ধৰি চেমনীয়া সকলৰো খেলা ধূলাত ব্যাঘাট জন্মাৰ লগতে তেওঁলোকৰ অনুশীলনো ব্যাহত হৈছে। কিয়নো অভিভাৱক সকলে ৰাষ্ট্ৰীয় ঘাইপথৰে স্বাভাৱিক কাৰণতেই নিজৰ সন্তানক পঠিয়াবলৈ ভয় কৰে। যাৰ বাবে অঞ্চলটোৰ ৰাইজেও কেহেৰুবাৰী আৰু ফুকনৰপাৰৰ মধ্যবৰ্তী স্থান হিচাপে পৰিচিত কেহেৰুবাৰীৰ ২ বা ৩ নং উপপথৰ সন্মুখত বা সমীপত সৰু দলং নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক আহ্বান জনাইছিল। বিধায়ক কলিতাই বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত ৰাইজক পুনৰ বিধায়ক নিৰ্বাচিত হলে ফুকনৰপাৰ আৰু কেহেৰুবাৰীৰ মাজত দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল। অৱশেষত প্ৰায় ৮ মাহ পূৰ্বে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিধায়ক কলিতাই দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰি এইক্ষেত্ৰত চৰজমিন ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ লোকনির্মাণ পথ বিভাগৰ দায়িত্ববাহী অভিযন্তাক কিছুদিন পূৰ্বে নিৰ্দেশ দিছিল। অৱশ্যে বৃহত্তৰ অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজে কেহেৰুবাৰীৰ দিশৰ পৰা আহিলে যিফালে খানামুখ প্ৰাথমিক বিদ্যালয় , খেলপথাৰ আৰু শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰসহ সামূহিক গৃহ সহজতে অহা যোৱা কৰিব পাৰিব তেনে প্ৰস্তাৱিত স্থানত দলংখন নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছে। এইক্ষেত্ৰত কেহেৰুবাৰীৰ ২ নং বা ৩ নং উপপথৰ সমীপত তথা সন্মুখৰ স্থানখিনী সকলো ফালৰ পৰা সুবিধাজনক হব বুলি খানামুখ মিলন সংঘৰ একাংশ কৰ্মকর্তাই সদৰি কৰিছে। উল্লেখযোগ্য যে দলংখন নিৰ্মাণ হলে অঞ্চলটোৰ ৰাই
জৰ যাতায়তৰ এটা বহুদিনীয়া সমস্যাৰ সমাধান হোৱাটো নিশ্চিত। আনহাতে আগন্তক বাৰিষাৰ আগতেই যাতে দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ লোকনির্মাণ পথ বিভাগ আৰু স্থানীয় বিধায়কক আহ্বান জনাইছে অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজে।

Leave A Reply

Your email address will not be published.