ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ‘পথ সঞ্চালন’ দক্ষিণ কামৰূপ জিলাৰ উদ্যোগত আজি পলাশবাৰী সমষ্টিৰ মিৰ্জাস্থিত নিজেশ্বৰী মন্দিৰ প্ৰাঙ্গণত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হয়। উক্ত পথ সঞ্চালনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰায় ডেৰ শতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰে। এই পথ সঞ্চালন মিৰ্জাস্থিত নিজেশ্বৰী মন্দিৰ প্ৰাঙ্গনৰ পৰা উপৰহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ প্ৰায় ৫ কি:মি: পথ যাত্ৰা কৰে। অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য অংশগ্ৰহণ কৰাৰ উপৰিও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ দক্ষিণ কামৰূপ জিলাৰ কাৰ্যবাহ বিৰাজ মেধি, মুখ্য বক্তা হিচাপে সংঘ চালক বিশ্বনাথ গয়াৰী, কিষান সংঘৰ ৰাজ্যিক সাংগঠনিক সম্পাদক কৃষ্ণ কান্ত বৰা আৰু দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি ধনেশ্বৰ তালুকদাৰ উপস্থিত থাকে।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক