ঢকুৱাখনা মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ ১০ টা  দৰিদ্ৰ পৰিয়ালক স্নানাগাৰ নিৰ্মাণ

0 235

ঢকুৱাখনাৰ উপাৰ্জনহীন গ্ৰাম্য  দৰিদ্ৰ  পৰিয়ালৰ  নিত্য ব্যবহার্য সা সুবিধা  উপলব্ধ  নোহোৱা ১০তাৰো অধিক পৰিয়ালৰ প্ৰতি দুখৰ সমভাগী হৈ দেওবাৰে  থিয় দিলে ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোট।   ঢকুৱাখনা মহাবিদ্যালয়ৰ “ৰাষ্ট্ৰীয় সেৱা আঁচনি”(এন এছ এছ) গোটৰ  উদ্যোগত আঁচনি বিষয়া প্ৰবক্তা তবেন্দ্ৰ নাথ দাসৰ নেতৃত্বত অহা ২৮ জানুৱাৰী পৰ্যন্ত সপ্তাহজোৰা এলানি বিশেষ জনহিতকৰ কৰ্মসূচী গ্ৰহণ কৰিছে।  তাৰেই অংশ হিচাপে মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ  আঁচনি বিষয়া দাসৰ নেতৃত্বত দেওবাৰে ঢকুৱাখনা মহকুমাৰ ১নং পিঠিয়াল গাঁওৰ  দৰিদ্ৰ পৰিয়াল সমূহৰ মাজত  উপস্থিত হৈ  গোটৰ ভলণ্টিয়াৰ সকলৰ জৰিয়তে জৰীপ চলাই  স্নানাগাৰ , শৌচাগাৰ আদিৰ অস্থায়ী ভাবে নিৰ্মান কৰি দুৰ্ভগীয়া পৰিয়াল সমূহক উপকৃত কৰে । দেওবাৰে   আঁচনি বিষয়া গৰাকীৰ নেতৃত্বত মুঠ ৫০ গৰাকী ভলণ্টিয়াৰে গাঁওখনৰ অতি দৰিদ্ৰ মুঠ ১০ টা পৰিয়ালৰ  মাজত তামোলৰ ঢকুৱা, বাঁহ , বস্তা, কল মাৰলীৰে অস্থায়ী  স্নানাগাৰৰ বেৰা , শৌচাগাৰৰ বেৰা আদি নিৰ্মান কৰি গঞাৰ চৌহদ নিকাকৰণ কৰি এক সুস্থ আৰু স্বাস্থ্য সন্মত পৰিবেশ সৃষ্টি কৰি দিয়ে ।  ইয়াৰোপৰি গাঁওৰ  শিক্ষাৰ্থী  সকলৰ মাজত  সাহিত্য ,সংস্কৃতি প্ৰতিযোগিতাৰ লগতে  স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি স্বাস্থ্য পৰীক্ষা, ভেকচিন প্ৰদান আদি কাৰ্যসূচী হাতত লোৱা বুলি আঁচনি বিষয়া দাসে জানিবলৈ দিছে । শনিবাৰৰ  পৰা অহা ২৮ জানুৱাৰীলৈ চলিব লগা এই সপ্তাহ জোৰা বিশেষ কাৰ্যসূচীৰ জৰিয়তে  গাঁওখনৰ গৰিষ্ঠ সংখ্যক দৰিদ্ৰ পৰিয়ালক উপকৃত কৰণৰ জনমুখী কৰ্মসূচী হাতত লব বুলি জানিবলৈ দিছে এন এছ এছ গোটৰ আঁচনি বিষয়া দাসে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.