কেইটামান গুৰুত্বপূৰ্ণ খবৰ

1 361

IMG-20170328-WA0052

প্ৰাথমিক শিক্ষাৰ গুণগত মানৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে পোনপ্ৰথম বাৰৰ বাবে আয়োজিত হ’ব গুণোৎসৱ। এই গুণোৎসৱ প্ৰথম পৰ্য্যায়ত ৮ খন জিলাক সামৰি লোৱা হ’ব। সঠিক মানৱ সম্পদ গঠন কৰা, বিদ্যালয়ৰ আন্তঃগাঠনি উন্নয়ন কৰা, শিক্ষা তথা অভিভাৱক সকল সামৰি এই গুণোৎসৱ আয়োজন কৰা হৈছে বুলি শিক্ষামন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা আজি এক সংবাদ মেল যোগে সদৰী কৰে। উল্লেখযোগ্য যে অহা ৪ এপ্ৰিল ৰ পৰা ৭ এপ্ৰিল লৈকে অনুষ্ঠিত হ’ব লগা উৎসৱটোত, বৰপেটা, চিৰাং, ডিব্ৰুগড়, হাইলাকান্দি, কামৰূপ (মেট্ৰ), লক্ষীমপুৰ, মৰিগাওঁ আৰু পশ্চিম কাৰ্বি আংলঙৰ ৯,১১,৫৮৮ জন ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব। বিশেষকৈ এই উৎসৱে ৰাজ্যখনৰ শিক্ষক সকলৰ শিক্ষাদানৰ ক্ষেত্ৰত দায়বদ্ধতা, অভিভাৱকৰ দায়বদ্ধতা আৰু বিদ্যালয়ৰ মধ্যাহ্ন ভোজন তথা পৰিপাশ্বিক ক্ষেত্ৰত বিশেষ পৰিবৰ্ত্তন আনিব বুলি আশা কৰিব পাৰি। শিক্ষা বিভাগৰ মূল্যায়নৰ ভিত্তিত বিদ্যালয় সমূহত গ্ৰেড দিয়া ব্যৱস্থা থাকিব।

IMG-20170328-WA0051

আনহাতে পোনপ্ৰথম বাৰৰ চলন্ত জাহাজত সংবাদ মেলে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে জনালে, কেইটামান গুৰুত্বপূৰ্ণ তথা ইতিবাচক খবৰ। সেইকেইটা হ’ল এনেদধৰণৰ- নমামী কেৱল উৎসৱ নহয়, ই ভবিষ্যত বাণিজ্য তথা অৰ্থনীতিৰ এক অধ্যায়ৰ দ্ৰষ্টা।

IMG-20170328-WA0054

দ্বিতীয়তে অতি শীঘ্ৰে AIR TAXI সেৱা কছাৰী ঘাটৰ পৰা বিমান বন্দৰৰ লৈকে ব্যৱস্থা কৰা হ’ব। তৃতীয়তে শৱ দেহ কঢ়িয়াৰ বাবে যোৰহাটৰ পৰা মাজুলী লৈ এখন নাওৰ ব্যৱস্থা থাকিব। চতুৰ্থতে, যোগীঘোপাক আন্তৰাষ্ট্ৰীয় মানদণ্ডৰ বাণিজ্যৰ চহৰ হিচাপে গঢ় দিয়াৰ পৰিকল্পনাৰ কথা। পঞ্চমতে, এক App ৰ জৰিয়তে অসমত উৎপাদিত সামগ্ৰী সমূহ আন্তৰাষ্ট্ৰীয় বজাৰত বিক্ৰীৰ ব্যৱস্থা থকা। পাৰঘাট নিৰ্মাণ কৰা তথা পৰিবহন ব্যৱস্থা অধিক উন্নয়ন কৰি তোলা।

প্ৰিয় পাঠক, এয়া আছিল আজিৰ দিনটোৰ কেইটামান ভাল খবৰ। লেচেৰি বোটলাৰ বুটলি আনি আমি সদায় ভাল খবৰ দিয়াত দায়বদ্ধ। মাথো হওক www.nefocus.com ৰ সহযাত্ৰী।

1 Comment
  1. Moon Moon Das says

    Good news

Your email address will not be published.