ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ‘পথ সঞ্চালন’ দক্ষিণ কামৰূপ জিলাৰ উদ্যোগত আজি পলাশবাৰী সমষ্টিৰ মিৰ্জাস্থিত নিজেশ্বৰী মন্দিৰ প্ৰাঙ্গণত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হয়। উক্ত পথ সঞ্চালনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰায় ডেৰ শতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰে। এই পথ সঞ্চালন মিৰ্জাস্থিত নিজেশ্বৰী মন্দিৰ প্ৰাঙ্গনৰ পৰা উপৰহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ প্ৰায় ৫ কি:মি: পথ যাত্ৰা কৰে। অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য অংশগ্ৰহণ কৰাৰ উপৰিও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ দক্ষিণ কামৰূপ জিলাৰ কাৰ্যবাহ বিৰাজ মেধি, মুখ্য বক্তা হিচাপে সংঘ চালক বিশ্বনাথ গয়াৰী, কিষান সংঘৰ ৰাজ্যিক সাংগঠনিক সম্পাদক কৃষ্ণ কান্ত বৰা আৰু দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি ধনেশ্বৰ তালুকদাৰ উপস্থিত থাকে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান