কৃষক সকলৰ বাবে জনকল্যাণমূলক কাৰ্য্যসূচীৰ জৰিয়তে কৃষক সকলক সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ অসম কৃষক পৰিষদ দায়বদ্ধ আৰু নিৰ্দিষ্ট কৰ্মসূচীৰ আধাৰত অসম গণ পৰিষদ দলক সৰ্বস্তৰতে শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰে আজি অনুষ্ঠিত অসম কৃষক পৰিষদৰ সাধাৰণ সভাই। গুৱাহাটীৰ আমবাৰীৰ অসম গণ পৰিষদ দলৰ কাৰ্য্যালয়ত পাচঁ শতাধিক বিভিন্ন জিলাৰ কৃষকৰ উপস্থিতিত অনুষ্ঠিত এই সভাত উপস্থিত থাকি অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, ৰাজ্যখনৰ কৃষকসকলৰ পৰিশ্ৰম আৰু চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে বিগত দিনসমূহত কৃষি উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে কৃষকসকলক উপকৃত কৰিব পৰাকৈ বিভিন্ন আচঁনি গ্ৰহণ কৰিছে। ফলত ৰাজ্যখনৰ কৃষকসকল উপকৃত হৈছে আৰু ৰাজ্যখনৰ উৎপাদন বৃদ্ধি পাইছে। ৰাজ্যখনক অৰ্থনৈতিক ভাৱে স্বাৱলম্বীকৰণত কৃষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে, কৃষক সকলৰ মাজত সজাগতা বৃদ্ধি কৰি চৰকাৰী আচঁনিৰ সুবিধাসমূহ সহজ ভাৱে লাভ কৰিব পাৰে তাৰ বাবে কৃষক পৰিষদে সক্ৰিয়তাৰে কাম কৰা উচিত। বৰাই লগতে কৃষকৰ উৎপাদন দুগুণ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কৃষক পৰিষদে গ্ৰহণ কৰা প্ৰচেষ্টা প্ৰশংসা কৰে। সভাত সভাপতিত্ব কৰে দলৰ সাধাৰণ সম্পাদক তথা কৃষক পৰিষদৰ তত্বাবধায়ক ডা০ কমলাকান্ত কলিতাই। সভাত দলৰ সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, বিমলেন্দু সিংহ, উপ-সভাপতি সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ, ডা০ তাৰাপ্ৰসাদ দাস, ড০ ৰঞ্জিত ডেকা, সম্পাদক তথ্য প্ৰযুক্তি মণি মাধৱ মহন্ত, সম্পাদক প্ৰচাৰ ড০ তপন দাস প্ৰমুখ্যে বহু সংখ্যক দলীয় বিষয়ববীয়া উপস্থিত থাকে। সভাত দুইশতাধিক বিভিন্ন অঞ্চলৰ কৃষকে অসম গণ পৰিষদ দলত যোগদান কৰে। সভাৰ উদ্দেশ্য বাখ্যা আৰু প্ৰতিবেদন পাঠ কৰে কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যই।
Trending
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি