৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়

0 73

অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৬ উপলক্ষে ৰাজ্যৰ সকলো বিধানসভা সমষ্টিৰ বাবে নীৰৱতাৰ সময় ৭ এপ্ৰিল, ২০২৬ তাৰিখে সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ হ’ব। ই ভোটগ্ৰহণ সমাপ্তিৰ ৪৮ ঘণ্টা আগতে আৰম্ভ হ’ব। জন প্ৰতিনিধিত্ব আইন ১৯৫১ৰ ধাৰা ১২৬ অনুসৰি এই ব্যৱস্থা বলবৎ কৰা হৈছে।

এই নীৰৱতাৰ কালছোৱাত ৰাজহুৱা সভা, শোভাযাত্ৰা তথা আন সকলোধৰণৰ প্ৰচাৰমূলক কাৰ্যসূচীকে ধৰি সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। তদুপৰি বৈদ্যুতিন বা সামাজিক মাধ্যমৰ জৰিয়তে নিৰ্বাচনী বিষয়বস্তু প্ৰচাৰ কৰাও এই সময়ছোৱাত নিষিদ্ধ থাকিব।

নীৰৱতাৰ সময়ত বাল্ক এছ এম এছ, ফোন কল বা সামাজিক মাধ্যম আদি যিকোনো মাধ্যমেৰে ভোট বিচৰা নিষিদ্ধ থাকিব। তদুপৰি ভোটাৰসকলক প্ৰভাৱিত কৰিব পৰা যিকোনো ধৰণৰ কাৰ্যকলাপ সম্পূৰ্ণৰূপে নিষিদ্ধ।

আনহাতে নিৰ্বাচনী প্ৰচাৰৰ সময়সীমা সমাপ্ত হোৱাৰ পিছত, সমষ্টিৰ বাহিৰৰ পৰা আহি উপস্থিত থকা আৰু সংশ্লিষ্ট সমষ্টিৰ ভোটাৰ নোহোৱা ৰাজনৈতিক কৰ্মী আৰু দলীয় কৰ্মীসকলে সমষ্টিৰ ভিতৰত থাকিব নোৱাৰিব। কিয়নো প্ৰচাৰকাল শেষ হোৱাৰ পিছত তেওঁলোকৰ উপস্থিতিয়ে মুক্ত আৰু নিৰপেক্ষ ভোটগ্ৰহণৰ পৰিৱেশ বিঘ্নিত কৰিব পাৰে। সেয়ে, নিৰ্বাচন আয়োগে জিলা নিৰ্বাচনী প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক এনে সকলো কৰ্মচাৰী আৰু দলীয় ব্যক্তিসকলে প্ৰচাৰকাল সমাপ্ত হোৱাৰ লগে লগে সংশ্লিষ্ট সমষ্টি ত্যাগ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।

ইয়াৰ উপৰি এইটো স্পষ্ট কৰা হৈছে যে জন প্ৰতিনিধিত্ব আইন ১৯৫১ৰ ধাৰা ১২৬(১)(খ) অনুসৰি, ভোটগ্ৰহণ সমাপ্তিৰ সময়ৰ আগৰ ৪৮ ঘণ্টাৰ ভিতৰত কোনো ইলেক্ট্ৰনিক মাধ্যম—যেনে টেলিভিছন, চিনেমাটোগ্ৰাফ বা অনুৰূপ যন্ত্ৰ—যোগে যিকোনো নিৰ্বাচনী বিষয়বস্তু, মতামত সমীক্ষা (Opinion Poll) বা অন্য যিকোনো সমীক্ষাৰ ফলাফল প্ৰচাৰ কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া, অনুৰাগ গোৱেলে সকলো প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু সংবাদ মাধ্যমৰ প্ৰতিষ্ঠানসমূহক নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাইছে। লগতে ৰাজনৈতিক দলসমূহক তেওঁলোকৰ কৰ্মী আৰু সমৰ্থকসকলক নীৰৱতাৰ সময়ছোৱাত সম্পূৰ্ণভাৱে নিষেধাজ্ঞাসমূহ মানিবৰ বাবে নিৰ্দেশ দিবলৈও পৰামৰ্শ দিয়া হৈছে। এই বিধিনিষেধসমূহ উলংঘন কৰিলে আইনমতে দণ্ডনীয় হ’ব।

Leave A Reply

Your email address will not be published.