গণৰাজ্য দিৱসৰ শুভেচ্ছাৰে

0 317

1514374540-Republic_Day_parade_PTI

আজি ৬৯ তম গণৰাজ্য দিৱস। গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে যোৱা ৬৮ টা বছৰে আমি কি পালো সেয়া বিচাৰ্য বিষয় নহয়।আজি আমি দৃষ্টি দিব বিচাৰছো এনে কিছুমান দিশৰ ওপৰত যিবোৰ দিশক আগবঢ়াই নিলে, হয়তো গণতান্ত্ৰিক ব্যৱস্থা অধিক শক্তিশালী হৈ পৰিব।

গণতন্ত্ৰ মানে ৰাইজৰ তন্ত্ৰ অৰ্থাৎ ৰাইজেই গণতন্ত্ৰত ৰজা। যদিও গণতন্ত্ৰ ৰাইজৰ চিন্তা ধাৰাৰে পৰিচালিত তথাপি আজিও মহিলা সকলৰ বাবে আইন সঠিক ৰূপত ৰূপায়ন নহ’ল। মহিলাসকলে প্ৰাপ্য অধিকাৰ স্বাধীনতা পৰা বিচলিত হৈ ৰ’ল।

দ্বিতীয়তে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলিলে সাংবাদিক সকলক বুজা যায়। আৰ্থিক ক্ষেত্ৰতে হওক অথবা নিৰাপত্তাৰ ক্ষেত্ৰতে হওক সাংবাদিক সকল আজিও অধিকাৰৰ পৰা বঞ্চিত। অথচ সেইসকল সাংবাদিকে সমাজৰ অতীন্দ্ৰ প্ৰহৰীৰদৰে সামাজসেৱা আগবঢ়াই সমাজখন পোহৰাবলৈ অহৰহ যত্নপৰ হয়।

rday-image-set-647_012317012421

তৃতীয়তে , শিক্ষা-প্ৰযুক্তিৰ ক্ষেত্ৰত দেশখন যথেষ্ট আগবাঢ়িছে যদিও সেইমতে নিয়োগ সৃষ্টি কৰিব নোৱাৰাত নিবনুৱা সমস্যাই এক ভয়ানক সমস্যা হিচাপে থিয় দিছে।

চতুৰ্থতে, দুৰ্নীতিমুক্ত সন্ত্ৰাষবাদমুক্ত দেশ গঢ়াৰ বাবে চৰকাৰে চেষ্টা কৰিছে যদিও আংশিকভাৱে সফল হৈছে। ইয়াৰ বিপৰীতে বিদেশী প্ৰবজনৰ সমস্যাই স্বদেশীক কোঙা কৰি পেলাইছে।

পঞ্চমতে , শিক্ষা দিক্ষাৰে প্ৰত্যেকজন ব্যক্তি শিক্ষিত হ’লেও পৰিবেশ প্ৰদূষণৰ সম্পৰ্কে সজাগ নোহোৱাৰ বাবে নানা ব্যাধিত আক্ৰান্ত হোৱা দেখা গৈছে।

1

ষষ্ঠতে, জাতীয় সম্পদ, জাতীয় চিন্তা- জাতীয় ভাবধাৰাক ভাষাক সদায় ৰাক্ষণাবেক্ষন দিবৰ চেষ্টা কৰিব লাগে। বিশেষকৈ পদপথত থকা নিৰাশ্ৰয় সকলৰ জীৱন আৰু নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। ৰাজনৈতিক স্বাৰ্থত দেশ খনক ব্যৱহাৰ কৰিব নালাগে। এইটো কথা আমি সকলোৱে মনত ৰখা উচিত যে ব্যক্তিবিশেষে সমাজৰ বাবে দেশৰবাবে কাম কৰাৰ বাবে প্ৰস্তুত থাকিব লাগে। শান্তি সম্প্ৰীতিৰে বসবাস কৰিব লাগে। সমাজত থকা অপশক্তি সমূহৰ চৰ্চা নকৰি কিদৰে সমিলমিলে দেশখনক আগুৱাই নিব পাৰি তাকে চেষ্টা কৰিব লাগে।

Happy republic day 2018 wishes (21)

উল্লেখিত প্ৰসংগসমূহক গঠনাত্মক দিশত আগবঢ়াই নিলে গণতান্ত্ৰিক ব্যৱস্থা অলপ হ’লেও কাৰ্যকৰী হৈছে বুলি ক’ব পৰা যায়। দেশবাসীলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালোঁ। জয় হিন্দ।

সংগীতা শইকীয়া
সম্পাদিকা

এন ই ফ’কাছ ডট কম

Leave A Reply

Your email address will not be published.