অসম আৰু অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ হ’ল বিহু।বিহু প্ৰধানকৈ কৃষি ভিত্তিক।চহা গ্ৰাম্য সমাজৰ লগত সম্পৰ্কিত।বিহুৰ ঐতিহ্য আছে,আছে এক পৰম্পৰাও।কিন্তু আজি কালি বিহুক অপসংস্কৃতিয়ে গ্ৰাস কৰিছে।কাতি বিহু দিনতে উদযাপন কৰা দেখা গৈছে।আহকচোন জানো কাতি বিহুৰ পৰম্পৰাৰ বিষয়ে সংস্কৃতিৰ গৱেষক জয় কান্ত গন্ধীয়াৰে কি কয়-কাতি বিহু দিনত উদযাপন নকৰে।দিনত তুলসী ভেটি বনায় ।ভেটিৰ চাৰিওফালে চিকুনাই ৰাখে,সন্ধ্যাৰ বেলিকা চাকি জ্বলাবলৈ।সন্ধ্যাৰ বেলিকা গুৱা,পান আৰু সামান্য পইচা আগবঢ়ায়,শৰাই দিয়ে।কণ কণ ল’ৰা ছোৱালীয়ে ঘৰে ঘৰে গৈ প্ৰাৰ্থনা কৰে অথবা তুলসীৰ নাম গায়।গৃহস্থই পথাৰ,ভঁৰাল ঘৰত বন্তি জলায়, যাতে খেতি ডৰা কুশলে থাকে।কিন্তু আজিৰ দিনটোত দিনত কাতি বিহু পালন ঠায়ে ঠায়ে কৰিছে বুলি জানি আচৰিত হৈছো।পৰম্পৰা বিকৃত ৰূপত প্ৰকাশ কৰিছে।মই ভাবো ইয়াৰ বাবে একাংশ সংবাদ মাধ্যম দায়ী।এনে পৰম্পৰাৰ ৰোধ কৰাৰ বাবে লেখনিৰ জৰিয়তে প্ৰকাশ কৰিম আৰু বিহু সুৰক্ষা সমিতিয়েও পদক্ষেপ গ্ৰহণ কৰিব।নহ’লে উঠি অহা প্ৰজন্মই বিহুৰ স্বকীয়তা বুজি নাপাব।আন এগৰাকী লেখিকা বোকাখাতৰ গীতাঞ্জলী কলিতাই কয় যে আধুনিকতাৰ পৰশে আৰু উতনুৱা মনোভাৱে আমাৰ কৃষ্টিক আচোৰ মাৰিছে।ই অতি দুখৰ কথা।নৱপ্ৰজন্মৰ ৰক্তিম বৰুৱাই এনেদৰে কয়-পৰম্পৰাক কেতিয়াও বিকৃত কৰিব নালাগে।এই ক্ষেত্ৰত সমাজৰ প্ৰত্যেকৰে কৰণীয় আছে।কাতি বিহুত দিনত নহয়,সন্ধ্যা বেলিকাহে উদযাপন হয়।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন