আজি লাচিত দিৱস।বীৰ সেনানী লাচিত বৰফুকনৰ জন্মদিন।এই বিশেষ দিনটো যিদৰে উদযাপিত হ’ব লাগিছিল আজি সেইদৰে উদযাপন কৰা দেখা নগ’ল।নিৰ্বাচনৰ বতাহৰ বাবেই হওক কিম্বা অন্য কাৰণতে হওক ঠাই বিশেষে অনুষ্টুপীয়াকে উদযাপন কৰাৰ বাতৰি আমালৈ আহিছে ।সম্প্ৰতি অসমৰ পৰিস্থিতিত লাচিতৰ আদৰ্শ,কৰ্মপন্থা প্ৰাসংগিক হৈ উঠিছে ।লাচিত আদৰ্শৰে অনুপ্ৰাণিত নহৈ একাংশ দিশহাৰা হৈ পৰিছে ।ই অসমৰ বাবে ভয়াবহ হৈ পৰিছে ।কোনেও কাৰোৰে কথা নুশুনা হৈছে।ইয়াৰ বাবে দায়ী কোন, সেয়া সকলোৱে জ্ঞাত।শিক্ষিত নিবনুৱাই ঘৰ এৰি অৰণ্যলৈ গমন কৰিছে ।এনে পৰিস্থিতিয়ে কেন্দ্ৰীয় চৰকাৰকো শংকিত কৰি তুলিছে।প্ৰশ্ন হয় দেশৰ এনে পৰিস্থিতিক সলনি কৰিবলৈ চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? নে ৰাইজে পদক্ষেপ ল’ব লাগিব!এনেবোৰ কাৰণতে সাধাৰণ জনগণে পদক্ষেপ ল’বলৈ বাধ্য হয়।ৰাজপথত ওলাই আহি আন্দোলন কৰিবলৈ বাধ্য হয়।কিন্তু আন্দোলনে জানো সমস্যাক সমাধান কৰিব!এই সময়তে এজন লাচিতৰ প্ৰয়োজন হয়।যি জনে স্বদেশ, স্বজাতিৰ ৰক্ষাৰ বাবে অনায়াসে সকলো কৰিব পাৰে।যি জনে ব্যক্তিগত চিন্তা পৰিহাৰ কৰি সমাজৰ, দেশৰ মংগলৰ কথা চিন্তা কৰি দেশখনক সুস্থিৰ কৰি তুলিব পাৰে,আমাক এনে এজন লাচিতক লাগে।
Trending
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান