এগৰাকী চিকিৎসকৰ আদৰণীয় পদক্ষেপ। নাম তেওঁৰ উৎপল কটকী। ঘৰ মহানগৰীৰ জু ৰোড তিনিআলিত যদিও তেওঁ কৰ্মসূত্ৰে ৪০ বছৰ ধৰি ডুবাইত বসবাস কৰি আহিছে। বৰ্তমানো তেওঁ ডুবাইৰ বাসিন্দা লগতে এখন বিদ্যালয়ৰ এগৰাকী চিকিৎসক হিচাপে কাম কৰি চিকিৎসা সেৱা আগবঢ়ায় আহিছে । প্ৰতিবছৰে তেওঁ বছৰটো শেষৰ ডিচেম্বৰ মাহত গুৱাহাটীৰ তথা নিজৰ জন্মস্থান ঘৰলৈ আহে। আৰু তেওঁ এক ভিতৰুৱা অঞ্চলত যত চিকিৎসালয়ৰ অসুবিধা, চিকিৎসক নাযায় তেনে এক ভিতৰুৱা অঞ্চললৈ গৈ নিজাববীয়াকৈ এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি সেৱা আগবঢ়োৱাৰ লগতে ঔষধ যোগান ধৰে। এইবাৰ তেওঁ পলাশবাৰী সমষ্টি তথা অসম মেঘালয় সীমান্তৰ চানডুবি সমীপৰ বাৰেগাৱত এটি নিজাববীয়াকৈ চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰি সেই অঞ্চলৰ লোক সকলক চিকিৎসা সেৱা আগবঢ়াৰ লগতে ঔষধ যোগান ধৰে।প্ৰায় শতাধিক ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে অতিৰিক্ত ৰোগী সকলক চিকিৎসাৰ ক্ষেত্ৰত সুবিধা কৰি দিব বুলি কয়।উল্লেখযোগ্য যে কৰ্মসূত্ৰে ডুবাইৰ বাসিন্দা যদিও নিজৰ জন্মভূমিৰ জনসাধৰণৰ প্ৰতি মৰম আৰু আন্তৰিকতা থকা মানুহখিনিৰ হৈ সেৱা কৰি ভালপোৱা উৎপল কটকীয়ে মাজুলী, মঙ্গলদৈ, নলবাৰী, শদিয়া আদি ৰাজ্যৰ বিভিন্ন ঠাইত ১৩ বছৰ ধৰি এনেদৰে চিকিৎসা সেৱা আগবঢ়ায় আহিছে ।খবৰ যুগুতালে ছয়গাৱৰ পৰা জিতুমণি দাসে।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন