জয়জয়তে সকলোকে ৭০তম গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালো ।১৯৫০চনৰ আজিৰ দিনটোতে দেশৰ সংবিধান গৃহিত হৈছিল।দেশৰ জনসাধাৰণে স্বাধীনতা লাভ কৰাৰ পিছত কিছুমান বিশেষ নীতি নিয়মৰ মাজেৰে পৰিচালিত হ’বলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল ।ভাৰতৰ সংবিধানত উল্লেখ থকা অনুসৰি আমাৰ দেশখন এখন ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য ।কিন্তু পৰিতাপৰ বিষয় যে সংবিধানৰ এই বাক্যবোৰ সময়ৰ আঁচোৰত যেন মোচ খোৱাৰ উপক্ৰম হৈছে ।গণতন্ত্ৰ ৰাজতন্ত্ৰত পৰিণত হোৱাৰ যেন অনুভৱ হৈছে ।ধৰ্মৰ বিভাজনে দেশৰ সংবিধানক আঘাত কৰে।দেশৰ প্ৰগতি স্থবিৰ কৰি তোলে।সম অধিকাৰ পোৱাৰ ক্ষেত্ৰত নাৰীসকল এতিয়াও পিছপৰি আছে।কৰ্মক্ষেত্ৰত নানাধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে।যাৰ পৰিপ্ৰেক্ষিতত মি টুৰ দৰে আন্দোলনে গা কৰি উঠিছে ।বহু আইন সংশোধন হৈ ভাল হৈছে যদিও বহু আইনে বিপৰীত ক্ৰিয়া কৰাহে দৃষ্টিগোচৰ হৈছে।দোষীক শাস্তি লাঘৱ কৰা কাৰ্য্যই অপৰাধীক অপৰাধ কৰিবলৈ উদগণি যোগাইছে।শেহতীয়াকৈ জাপিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ প্ৰেক্ষাপট যে সলনি কৰিব সেয়া নিশ্চিত হৈ পৰিছে।আমি বিচাৰো এখন সুস্থ, সবল গণতন্ত্ৰ য’ত সকলোৱে সমভাৱে, শান্তিৰে থাকিব পাৰে ।দেশ প্ৰগতিৰ পথত আগুৱাই যাব পাৰে। জয় হিন্দ। সংগীতা শইকীয়া । সম্পাদক
Trending
- মেঘালয়ত প্ৰথম বাৰৰ বাবে জনজাতি মহিলা আৰক্ষী প্ৰধানৰ নিযুক্তি
- মিৰ্জা ইউনিক কালাৰ নামৰ অত্যাধুনিক পাৰ্লাৰ মুকলি
- কাঁন চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি ‘কুকি’
- তিতাবৰত ১১, ১২ মে’ত সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ
- তথ্যচিত্ৰত উদ্ভাসিত হ’ব শতিকা প্ৰাচীন ফাটবিহু
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল