সময়ৰ দ্ৰুত পৰিবৰ্তনৰ লগে লগে মানুহৰ চিন্তা ধাৰাৰ পৰিবৰ্তন হয়। ইয়াৰ লগে লগে পৰিবৰ্তন হয় জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰ সমূহ। সময়ৰ লগত খোজ মিলাই অসম দক্ষতা বিকাশ অভিযানে বিভিন্ন কাৰ্য্যসূচী হাতত লৈছে। তাৰেই অংশ স্বৰূপে অহা ১৫ জুলাইত ৱৰ্ল্ড য়ুথ ডে’ লগত সংগতি ৰাখি লতাশিল খেল পথাৰৰ পৰা ৱাকাথান হ’ব। এই ৱাকাথান প্ৰায় ৪.৬ কি: মি: হ’ব। এই মন্তব্য অসম দক্ষতা বিকাশ অভিযানৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীৰ। ইয়াৰ অংশস্বৰূপে অসমৰ সাতখন জিলা সামৰি লোৱা হৈছে। সেই জিলা কেইখন ধুবুৰী, গোৱালপাৰা, বৰপেটা, বাক্সা, ওদালগুৰি, হাইলাকান্দি আৰু মঙ্গলদৈ অন্যতম। এই জিলা কেইখনত দক্ষতা বিকাশৰ অভিযানৰ অধীনত নিবনুৱা সকলৰ মাজত বিভিন্ন কৰ্মশালা অনুষ্ঠিত হ’ব। তেখেতে লগতে জনায় যে বিভিন্ন অভিযানৰ অন্তৰ্গত পাঠ্যক্ৰম গ্ৰহণ কৰা সকলৰ মাজত অহা ২৩ জুলাইত নিয়োগ মেলা আয়োজন কৰা হ’ব। মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত হ’ব লগা এই নিয়োগ মেলাত বেচৰকাৰী, অৰ্ধ চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানে অংশ ল’ব।শিক্ষা তথা প্ৰশিক্ষণৰ ক্ষেত্ৰত বিশেষ ভাৱে পাৰদৰ্শিতা দেখুওৱা অনুষ্ঠানক “দক্ষতা “নামেৰে এক বিশেষ বঁটা প্ৰদান কৰা হ’ব। বিশেষকৈ মিচনৰ এটা কল চেণ্টাৰ মুকলি কৰা হ’ব। ইয়াৰ উপৰিও গুৱাহাটীত নৱেম্বৰত নৰ্থ-ইষ্ট স্কিল চেণ্টাৰ মুকলি কৰা হ’ব বুলি আজি এক সংবাদ মেল যোগে জানিবলৈ দিয়ে।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন