সমগ্ৰ ৰাজ্যৰ লগতে আজি তেজপুৰতো আনুষ্ঠানিকভাৱে মুকলি কৰা কৰা হ’ল গৰুৰ পোষ্টাৰ। কিন্ত কি এই গৰু! অসমৰ যুৱ নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ পৰিকল্পনা আৰু পৰিচালনাৰ লগতে চাহজাহানৰ কাহিনীৰে অহা ২৪ জানুৱাৰীত অসমৰ আটাইকেইটা চিত্ৰগৃহতে মুক্তি পাব অসমীয়া ব্যতিক্ৰমী তথা হাস্যমুধুৰ চলচিত্ৰ” গৰু(ধিক্কাৰ এই জীৱন)”। ইতিমধ্যে চলচিত্ৰ খনিৰ প্ৰায় কাম প্ৰায় সম্পূৰ্ণ উঠিছে। আজি সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে তেজপুৰ চহৰৰ মাজমজিয়াৰ মিচন চাৰিআলিত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল গৰুৰ পোষ্টাৰ। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ চলচিত্ৰ জগতৰ জেষ্ঠ অভিনেতা অৰুন নাথকে প্ৰমুখ্যে অসমীয়া চলচিত্ৰৰ বহুতো অনুৰাগী। হিমাংশু প্ৰসাদ দাসৰ এই গৰু নামৰ চলচিত্ৰখনিত অভিনয় কৰিছে অসমৰ চলচিত্ৰ জগতৰ জেষ্ঠ অভিনেতা বাহাৰুল ইচলাম,অৰুন নাথ,পাকিজা বেগম,লনিশ্ৰী দাস,কমল পৰানকে ধৰি বহুকেগৰাকী নবীন প্ৰবীন শিল্পীয়ে। উল্লেখ্য যে অহা ২৪ জানুৱাৰীত মুক্তি পাবলগীয়া এই ছবিখনে একেলগে ১০০০ টা দৰ্শনী মুকলি কৰা হ’ব বুজি প্ৰযোজক অাৰু পৰিচালক হিমাংশু প্ৰসাদ দাসে জানিবলৈ দিছে।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন